ETV Bharat / bharat

এণ্টিলিয়াৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিব নিয়াই

author img

By

Published : Mar 16, 2021, 8:01 PM IST

উদ্যোগপতি মুকেশ আম্বানিৰ বাসগৃহৰ সমীপৰ বোমাতংক সন্দৰ্ভত অধিক তথ্য লাভ কৰাৰ বাবে পুনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । এক সূত্ৰই প্ৰকাশ কৰা মতে, চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি পাঁচজন স্বতন্ত্ৰ সাক্ষীৰ সন্মুখত একে দৃশ্যৰ পুনৰাবৃত্তি কৰা হ'ব ।

এণ্টিলিয়া বোমাতংকঃ চিচি টিভি ফুটেজৰ দৰে একে দৃশ্য পুনৰ সৃষ্টি কৰা হ'ব

নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই পুনৰ আন এক কৌশলেৰে উদ্যোগপতি মুকেশ আম্বানিৰ বাসগৃহৰ সমীপৰ বোমাতংকৰ ৰহস্য ভেদ কৰাৰ চেষ্টা কৰিব । আম্বানিৰ বাসগৃহ এণ্টিলিয়াৰ সমীপত চিচিটিভিত দেখা পোৱাৰ দৰে পিপিই কিট পিন্ধি থকা ব্যক্তিজন ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী টাস্ক ফ'ৰ্চৰ বিষয়া শচীন ৱেজ আছিল নে নাই, সেই কথা নিশ্চিত কৰাৰ উদ্দেশ্যেৰে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই চিচিটিভিত সংৰক্ষিত হোৱাৰ দৰে একে দৃশ্য পুনৰ সৃষ্টি কৰিব ।

যোৱা ২৫ ফেব্ৰুৱাৰীত আম্বানিৰ বাসগৃহৰ সমীপত বোমাতংকৰ ঘটনাৰ তদন্তৰ সময়ত মহাৰাষ্ট্ৰ আৰক্ষীৰ এজন 'এনকাউণ্টাৰ বিশেষজ্ঞ' শচীন ৱেজ সংস্থাটোৰ লগত তদন্তৰ বাবে আহিছিল । জানিব পৰা মতে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে অধিক তথ্য লাভৰ বাবে ৱেজক জেৰা কৰাৰ লগতে আৰু চিচিটিভি ফুটেজ পুনৰ পৰীক্ষা কৰিব বিচাৰিছে । বিশেষ সূত্ৰৰ তথ্য অনুসৰি, পাঁচজন স্বতন্ত্ৰ সাক্ষীৰ সন্মুখত উক্ত দৃশ্যটো পুনৰ সৃষ্টি কৰা হ'ব ।

চিচিটিভিৰ ফুটেজত যোৱা ২৫ ফেব্ৰুৱাৰীত আম্বানিৰ কেইবামহলীয়া বাসগৃহ এণ্টিলিয়াৰ ওচৰত ৰখাই থোৱা বিস্ফোৰক থকা এছইউভি বাহনখনৰ কাষেৰে পিপিই কিট পৰিহিত এজন ব্যক্তি পাৰ হৈ গৈছিল । কেন্দ্ৰীয় সংস্থাটোৱে সন্দেহ কৰিছে যে, এই একেজন ব্যক্তিয়েই আম্বানিৰ ঘৰৰ বাহিৰত স্কৰপিঅ' ৰখাই থৈ গৈছিল । সন্দেহজনক বাহনখন ভালদৰে চোৱাৰ পিছত, বাহনখনত জিলেটিন লাঠী উদ্ধাৰ হোৱাৰ লগতে আম্বানিৰ পৰিয়ালক উদ্দেশ্যি সন্ত্ৰাসবাদী সংগঠন জইছ-উল-হিন্দৰ দ্বাৰা লিখা এখন পত্ৰ উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক: আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.