ETV Bharat / bharat

Gangster terror case : উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত NIAৰ অভিযান - Patiala House Court in Delhi

পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত গেংষ্টাৰ বিৰোধী অভিযান (Operation against Lawrence Bishnoi gang)। লৰেন্স বিষ্ণৈই গোটৰ বিৰুদ্ধে প্ৰায় ৭০ টাকৈ স্থানত চলিছে এই অভিযান । যোৱা বছৰ নৱেম্বৰত পাঞ্জাৱত অভিযান চলাই লৰেন্স গোটৰ ৪ জনক গ্ৰেপ্তাৰ কৰিছিল ।

Gangster terror case
উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত NIAৰ অভিযান
author img

By

Published : Feb 21, 2023, 1:08 PM IST

নেশ্যনেল ডেস্ক,২১ ফেব্ৰুৱাৰী : উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত এনআইএয়ে অভিযান চলাইছে (NIA raid in North India) । মঙলবাৰে পুৱা তদন্তকাৰী সংস্থাটোৱে কেইবাখনো ৰাজ্যৰ ৭০ টাকৈ স্থানত গেংষ্টাৰ-সন্ত্ৰাসবাদী সম্পৰ্কীয় গোচৰত অভিযান আৰম্ভ কৰিছে । সূত্ৰৰ মতে, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, দিল্লী আৰু অন্যান্য ৰাজ্যৰ একাধিক স্থানত চলি আছে এই গেংষ্টাৰ বিৰোধী অভিযান । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAয়ে পিলিভিট, প্ৰতাপগড়ৰ লগতে কেইবাটাও স্থানত এই অভিযান অব্যাহত ৰাখিছে ।

গেংষ্টাৰ লৰেন্স বিষ্ণৈ গোটৰ সৈতে সম্পৰ্কিত স্থানসমূহত এই অনুসন্ধান অব্যাহত আছে (Operation against Lawrence Bishnoi gang)। ইতিমধ্যে, যোৱা বছৰ নৱেম্বৰত পাঞ্জাৱৰ ৰূপনগৰ জিলাত অভিযান চলাই এই গোটৰ চাৰিজন সদস্যক আটক কৰা হৈছিল । এই গেংষ্টাৰসকলৰ বিৰুদ্ধে হত্যা আৰু অবৈধ অস্ত্ৰ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

এসপ্তাহৰ পূৰ্বে, NIAৰ বিষয়াসকলে গেংষ্টাৰ নেক্সাছ নেটৱৰ্কৰ বাবে চিৰচা-ভিত্তিক লজিষ্টিক প্ৰদানকাৰী আৰু অস্ত্ৰ সৰবৰাহকাৰী এজনক আটক কৰিছিল । কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ভাৰত আৰু বিদেশত থকা কেইবাজনো অপৰাধী গেংষ্টাৰক চিনাক্ত কৰিছে যিসকলে সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ পৰিকল্পনা আছে । এগৰাকী বিষয়াই কোৱা মতে হাৰিয়ানা আৰু পাঞ্জাৱৰ বিভিন্ন স্থানত চলি থকা সন্ত্ৰাসবাদী-অপৰাধী চিণ্ডিকেটক উৎখাত কৰাৰ এনআইএৰ পদক্ষেপৰ অংশ হিচাপে অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ।

যোৱা বছৰৰ নৱেম্বৰত, এনআইএয়ে পাঞ্জাৱৰ মোহালি জিলাৰ তৰ্ণ তৰণ, ফাজিলকা, লুধিয়ানাত ব্যাপক অভিযান চলাইছিল । সেই সময়ত, ৰাজস্থান আৰু দিল্লীৰ কিছু অংশতো তালাচী চলোৱা হৈছিল । কেন্দ্ৰীয় সংস্থাটোৱে অপৰাধী-সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰিবলৈ আৰু অস্ত্ৰ সৰবৰাহকাৰী, ব্যৱসায়ী আৰু লজিষ্টিক প্ৰদানকাৰীৰ সহায়ত ইয়াক অধিক শক্তিশালী হোৱাত বাধা দিবলৈ নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সৈতে লৰেন্স বিষ্ণৈ আৰু তেওঁৰ গোট জড়িত থকাৰ অভিযোগ উঠিছিল । যাৰবাবে বিগত বছৰটো গেংষ্টাৰ গোটটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযান চলাইছিল । জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ (Punjabi singer Sidhu Moosewala murder case) মূল অভিযুক্ত আছিল গেংষ্টাৰ লৰেন্স বিষ্ণৈ (Lawrence Bishnoi mastermind) ৷

পাঞ্জাৱ আৰক্ষীয়ে দিল্লীৰ পাটিয়ালা হাউছ আদালতত (Patiala House Court in Delhi) মুছেৱালাৰ হত্যাকাণ্ডৰ লগতো জড়িত বুলি অৱগত কৰা হৈছিল ৷ আনকি পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তৰ মাজতে লৰেন্স বিষ্ণৈক এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি দাবী কৰিছিল ৷

লগতে পঢ়ক :New CEO of NITI Aayog: নীতি আয়োগৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমনিয়াম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.