ETV Bharat / bharat

Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

author img

By

Published : Dec 21, 2022, 7:04 AM IST

সন্ত্ৰাসবাদ, ড্ৰাগছ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ সৈতে ভাৰত আৰু বহিঃৰাষ্ট্ৰৰ সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ 11 টা গোচৰৰ অনুসন্ধান অব্যাহত ৰাখিছে NIA ই ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰণালয়ে লোকসভাত সদৰী কৰিছে এই কথা (Narco terror case in India) ৷

Narco terror case in India
Narco terror case in India

নিউজ ডেস্ক, 21 ডিচেম্বৰ: কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIAই (National Investigation Agency) সন্ত্ৰাসবাদ, ড্ৰাগছ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ 11 টা গোচৰৰ অনুসন্ধান কৰি আছে ৷ যি কেইটা গোচৰত ভাৰতৰ সৈতে বহিঃৰাষ্ট্ৰৰ সম্পৰ্ক পোৱা গৈছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় মন্ত্ৰণালয়ে লোকসভাত সদৰী কৰিছে এই কথা (Narco terror case in India) ৷ বহুজন সমাজ পাৰ্টীৰ সাংসদ কে. ডানিছ আলীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত এই তথ্যখিনি দাঙি ধৰে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে (Minister of State for Home) ৷

সাংসদ কে. ডানিছ আলীয়ে প্ৰশ্ন উত্থাপন কৰিছিল যে, ভাৰত আৰু বিদেশৰ সন্ত্ৰাসবাদী, ড্ৰাগছ সৰবৰাহকাৰী আৰু চোৰাং ব্যৱসায়ীৰ মাজত বৃদ্ধি পোৱা সম্পৰ্ক সন্দৰ্ভত চৰকাৰ কিমান সচেতন ? তাৰেই লিখিত উত্তৰত এই 11 টা গোচৰৰ কথা মন্ত্ৰী ৰায়ে উল্লেখ কৰে ৷ বৰ্ষ অনুসৰি তথ্য দাঙি ধৰি ৰায়ে নিজৰ উত্তৰত কয় যে, NIA ই 11 টা এনে গোচৰৰ অনুসন্ধান কৰি আছে (11 cases of Narco terror in India) ৷ ইয়াৰে 2 টা 2019 চনৰ, 4 টা 2020 চনৰ আৰু 5 টা 2021 চনৰ গোচৰ ৷

এই গোচৰকেইটাৰ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, এই 11 টা গোচৰৰ সংক্ৰান্তত মুঠ 112 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে (NIA investigating 11 cases) ৷ আৰু 115 গৰাকী অভিযুক্তৰ বিৰুদ্ধে 10 টা গোচৰত অভিযোগনামা দাখিল কৰা হৈছে ৷

লগতে পঢ়ক: Parliament Winter Session 2022 : টাৱাং প্ৰসংগত উচ্চ সদনত বিজেপিৰ সৈতে কংগ্ৰেছৰ তীব্ৰ বাদানুবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.