ETV Bharat / bharat

ISIS terror module busted : জবলপুৰত ISISৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ

মধ্যপ্ৰদেশত আৰক্ষীৰ সহযোগত এনআইএৰ গুৰুত্বপূৰ্ণ অভিযান (NIA raid against ISIS)। বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ লগতে গ্ৰেপ্তাৰ ৩ জন । ISISৰ হৈ বিভিন্ন কাৰ্যকলাপত জড়িত আছিল তিনিওজন ।

author img

By

Published : May 27, 2023, 8:19 PM IST

NIA busts ISIS terror module
জবলপুৰত ISISৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক,২৭ মে' : সন্ত্ৰাসবাদী সংগঠন ISISৰ বিৰুদ্ধে এনআইএৰ সফল অভিযান (NIA operation against ISIS)। শনিবাৰে মধ্য প্ৰদেশ আৰক্ষীৰ এটিএছৰ সহযোগত এনআইএৰ এটা দলে আইএছআইএছৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় (NIA busts ISIS terror module)। অভিযানকাৰী দলটোৱে তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছে । এনআইএয়ে কোৱা মতে ২৬-২৭ মে'ত জবলপুৰৰ ১৩ টা স্থানত অভিযান চলোৱা হৈছিল । সেই অভিযানৰ সময়তে ৩ জনক গ্ৰেপ্তাৰ কৰা হয় ।

অভিযানৰ সময়ত বিভিন্ন নিষিদ্ধ সামগ্ৰী, আপত্তিজনক নথিপত্ৰ, ডিজিটেল সামগ্ৰীকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰা হয় । জানিব পৰা মতে ধৃত লোককেইজন ক্ৰমে চৈয়দ মামূৰ আলী, মহম্মদ আদিল খান আৰু মহম্মদ শ্বাহিদ (NIA arrests 3 ISIS module)। তিনিওজনকে ভূপালৰ এন আই এৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ।

২০২২ চনৰ আগষ্টত সংস্থাটোৰ দৃষ্টিলৈ আহিছিল মহম্মদ আদিল খান । আইএছআইএছ পন্থী কাৰ্যকলাপৰ বাবে খানৰ বিৰুদ্ধে এনআইএয়ে ২৪ মে'ত এটা গোচৰো পঞ্জীয়ন কৰিছিল । এনআইএ-য়ে জানিবলৈ দিয়া মতে খান আৰু তেওঁৰ সহযোগীসকল সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে আই.এছ.আই.এছ.-ৰ প্ৰচাৰত জড়িত আছিল । ভাৰতত হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণ আৰম্ভ কৰাৰ বাবে 'দাৱা' কাৰ্যসূচীৰ সৈতেও তেওঁলোক জড়িত থকাৰ অভিযোগ আছে । এনআইএয়ে দাবী কৰা মতে চক্ৰটোৱে স্থানীয় মছজিদ, বাসগৃহ আৰু দেশত সন্ত্ৰাস বিয়পাবলৈ ষড়যন্ত্ৰ ৰচনা কৰি আছিল ।

অনুসন্ধানত পোহৰলৈ আহিছে যে তিনিজন অভিযুক্ত মৌলবাদী আছিল আৰু জিহাদ কৰিবলৈ সংকল্পবদ্ধ আছিল । তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনৰ পুঁজি সংগ্ৰহ, প্ৰচাৰ, যুৱক-যুৱতীসকলক অনুপ্ৰেৰিত কৰা, নিয়োগ কৰা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সংগ্ৰহ কৰাৰ কামত নিয়োজিত আছিল ।

চৈয়দ মামূৰ আলীয়ে 'ফিচাবিলিল্লাহ' নামৰ এটা স্থানীয় সংগঠন গঠন কৰিছিল আৰু একে নামেৰে এটা হোৱাটছএপ গ্ৰুপও চলাই আছিল । তেওঁ আৰু সহযোগীসকলে পিষ্টল সংগ্ৰহৰ বাবে জবলপুৰস্থিত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ কৰিছিল ।

আন এগৰাকী অভিযুক্ত আদিলে জবলপুৰত মৌলবাদী লোকসকলৰ এটা সক্ৰিয় গোট গঠন কৰিবলৈ সক্ষম হৈছিল । এন.আই.এ.-ৰ অনুসন্ধান অনুসৰি চক্ৰটোৰ কিছুমান সদস্যই ভাৰতত হিংসাত্মক জিহাদ কৰাৰ বাবে এটা স্থানীয় সংগঠন গঠন কৰাৰ পৰিকল্পনা কৰিছিল । আদিলে যুৱক-যুৱতীসকলক আইএছআইএছৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে নিয়োগ কৰাৰ বাবে একাধিক ইউটিউব, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ চেনেল চলাই আছিল । আনহাতে শ্বাহিদে ভাৰতত হিংসাত্মক আক্ৰমণৰ বাবে পিষ্টল, আইইডি আৰু গ্ৰেনেডকে ধৰি অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক :Human sacrifice case: 2 লাখ টকাৰ প্ৰলোভন দি যুৱতীক বলি দিবলৈ কুঅভিসন্ধি চুবুৰীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.