ETV Bharat / bharat

Sensational Udaipur murder: উদয়পুৰ হত্যাকাণ্ড সন্দৰ্ভত NIA-ATSৰ পৰস্পৰ বিৰোধী মন্তব্য - Minister Rajendra Yadav comment on Udaipur incident

উদয়পুৰ হত্যাকাণ্ড সন্ত্ৰাসবাদী আক্ৰমণ নহয় বুলি দাবী ৰাজস্থানৰ মন্ত্ৰী ৰাজেন্দ্ৰ যাদৱৰ(Minister Rajendra Yadav comment on Udaipur murder) । ইপিনে, উক্ত হত্যাকাণ্ড সন্দৰ্ভত NIA আৰু ATS এ আগবঢ়াইছে পৰস্পৰ বিৰোধী মন্তব্য।

nia ats contradictory statements on udaipur murder

author img

By

Published : Jul 3, 2022, 5:07 PM IST

নেচনেল ডেস্ক, ৩ জুলাই : ৰাজস্থানৰ উদয়পুৰত সংঘটিত দেশ কঁপোৱা দৰ্জী কানহায়া লালৰ হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় নে নহয় সেই সন্দৰ্ভত পৰস্পৰ বিৰোধী মন্তব্য আগবঢ়াইছে NIA আৰু ATS এ (NIA ATS contradictory statements on Udaipur murder)। আনহাতে, ৰাজস্থানৰ গৃহ ৰাজ্যমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয় যে, উদয়পুৰৰ ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ নহয় (Minister Rajendra Yadav comment on Udaipur incident )। যাদৱে শনিবাৰে সংবাদ মাধ্যমক কয় যে, NIAয়ে তেনে কোনো বিবৃতি দিয়া নাই । ইপিনে, অভিযুক্তৰ সৈতে বিৰোধী দলৰ নেতা গুলাবচান্দ কাটাৰিয়াৰ এখন ফটো থকাক লৈ চৰ্চা চলি থকা সন্দৰ্ভত গৃহ ৰাজ্যমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয় যে, অভিযুক্তজন তেওঁলোকৰ প’লিং এজেণ্ট আছিল (Rajastan Opposition leader Gulabchand Kataria)।

উদয়পুৰত দৰ্জী কানহায়া লালৰ হত্যাকাণ্ডৰ তদন্ত কৰি থকা NIA আৰু ATS এ বিৰোধী মন্তব্য আগবঢ়োৱাৰ সময়তে গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে কয়, "তেওঁ বিশ্বাস কৰিব নোৱাৰে যে, এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ আছিল । আনকি NIAয়ো এতিয়ালৈকে তেনে কোনো ইংগিত দিয়া নাই । বিৰোধী নেতা গুলাবচান্দ কাটাৰিয়াৰ সৈতে অভিযুক্তৰ ফটোখন পুনৰ ওলাই আহিছে আৰু অভিযোগ কৰা হৈছিল যে, তেওঁ তেওঁৰ পোলিং এজেণ্টো আছিল’’ ৷

ইপিনে, ৰাজ্যিক গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে এই সন্দৰ্ভত পুনৰ কয় যে, উদয়পুৰ হত্যাকাণ্ডই জনসাধাৰণৰ মাজত সন্ত্ৰাস সৃষ্টি কৰিছে । বিশেষকৈ অভিযুক্তই তেওঁলোকৰ ভয়ংকৰ কাৰ্যৰ ভিডিঅ’ প্ৰস্তুত কৰি ইয়াক ৰাজহুৱা কৰাৰ পাছতে আতংকৰ সৃষ্টি হয় । অৱশ্য়ে যেতিয়াই হত্যা সংঘটিত হৈছিল অভিযুক্তজনে ভিডিঅ' প্ৰস্তুত কৰা নাছিল অথবা ৰাজহুৱা কৰা নাছিল বুলি উল্লেখ কৰি ইয়াৰ পৰিৱৰ্তে অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলিহে তেওঁ কয় ।

এই ক্ষেত্ৰত অভিযুক্তজনে সন্ত্ৰাস সৃষ্টি আৰু ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছিল । এনে ধৰণৰ ঘটনা কোনো অসৎ উদ্দেশ্য অবিহনে ঘটিব নোৱাৰে বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে ।

তদুপৰি তেওঁ অভিযোগ কৰি কয় যে, অভিযুক্ত মহম্মদ ৰিয়াজ বিজেপি নেতা গুলাবচান্দ কাটাৰিয়াৰ পোলিং এজেণ্ট আছিল । আনকি ৰিয়াজ বিজেপি সংখ্যালঘু কোষৰ সদস্য আছিল বুলিও অভিযোগ কৰে । তেওঁ বিজেপিক এনে ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কয় । তদুপৰি তদন্ত সম্পূৰ্ণ হোৱালৈ বিজেপিক ধৈৰ্য ধৰিবলৈ আহ্বান জনাই কয় যে, এনে কৰিলেহে প্ৰকৃত সত্য ওলাই পৰিব । গৃহমন্ত্ৰী ৰাজেন্দ্ৰ যাদৱে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয় 'তেওঁলোকে বাৰে বাৰে বন্ধৰ আহ্বান জনাইছে যাৰ বাবে ৰাজ্যখনত উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হৈছে' ৷

etv comment image Thumbnail image আত্মহত্যা কৰিবলৈ উঠিল গছত; উদ্ধাৰ কৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.