ETV Bharat / bharat

NIA raid in Kashmir : কাশ্মীৰত জইছ-ই-মহম্মদৰ সদস্যক গ্ৰেপ্তাৰ এন আই এৰ - Jaish e Mohammad operative Arrests in Kashmir

জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ জইছ-ই-মহম্মদৰ এটা সদস্য ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীটোক (coperative Arrests) ৷

Jaish e Mohammad operative Arrests
গ্ৰেপ্তাৰ জেইছ ই মহম্মদৰ সদস্য
author img

By

Published : May 21, 2023, 10:16 PM IST

নিউজ ডেস্ক, 21 মে’: জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে এটা দুধৰ্ষ সন্ত্ৰাসবাদী ৷ কাশ্মীৰত সন্ত্ৰাসবাদমূলক ষড়যন্ত্ৰৰ গোচৰত জড়িত থকা জইছ-ই-মহম্মদৰ এটা সদস্যক দেওবাৰে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA Arrests Jaish e Mohammad operative in Kashmir) ৷

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে ভাৰতক অস্থিৰ কৰাৰ বাবে, সীমান্তৰ সিপাৰে অৱস্থিত সন্ত্ৰাসবাদী সংগঠনসমূহে ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে সন্ত্ৰাসবাদীটো (NIA Arrests Jaish e Mohammad operative) ৷

কুপৱাৰা জিলাৰ মহম্মদ উবেইদ মালিক বুলি চিনাক্ত কৰা অভিযুক্তটোৱে পাকিস্তানস্থিত জইছ-ই-মহম্মদৰ কমাণ্ডাৰৰ সৈতে নিয়মিত যোগাযোগ ৰাখিছিল বুলি NIAৰ তদন্তত প্ৰকাশ পাইছে ৷ অভিযুক্তজনে গোপন তথ্য, বিশেষকৈ সৈন্য আৰু নিৰাপত্তা বাহিনীৰ চলাচল সম্পৰ্কে পাকিস্তানস্থিত কমাণ্ডাৰলৈ তথ্য প্ৰেৰণ কৰি আহিছিল বুলি NIAৰ অনুসন্ধানত প্ৰকাশ পাইছে (Jaish e Mohammad operative Arrests) ৷

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ধৃত সন্ত্ৰাসবাদীটোৰ পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ প্ৰমাণ হিচাবে বিভিন্ন আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিছে (Jaish e Mohammad operative Arrests in Kashmir) ৷

2022 চনৰ 21 জুন তাৰিখে জম্মু-কাশ্মীৰত থাকি, সন্ত্ৰাসবাদী সংগঠনসমূহক বিভিন্ন ধৰণে সহায় কৰি অহা লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এটা গোচৰ ৰুজু কৰিছিল (আৰচি-05/2022/এনআইএ/জেএমইউ)৷ যিসকল লোকে সীমাৰ সিপাৰে থকা সন্ত্ৰাসবাদী সংগঠনসমূহক বিভিন্ন তথ্য যোগান ধৰি সহায় কৰাৰ উপৰিও নিচাজাতীয় সামগ্ৰী, নগদ ধন, অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী আদি সংগ্ৰহ আৰু বিতৰণ কৰে, তেনে লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৰুজু কৰিছিল এই গোচৰ ৷ এই গোচৰৰ অধীনতে দেওবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীটোক (Terrorist Activities in Kashmir) ৷

NIAৰ তদন্ত অনুসৰি আই ই ডি আৰু বিস্ফোৰকসমূহ প্ৰায়ে ড্ৰোণৰ জৰিয়তে প্ৰেৰণ কৰা হয় আৰু স্থানীয়ভাৱেও একত্ৰিত কৰা হয়, যাতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিব পৰা যায় ৷ মূলতঃ সংখ্যালঘু আৰু নিৰাপত্তা বাহিনীৰ লোকক ইয়াত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় ৷

ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ লক্ষ্যৰে, লগতে ভাৰতৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা, সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হোৱাৰ উদ্দেশ্যৰে ছ'চিয়েল মেডিয়া এপ্লিকেশ্বন আৰু চাইবাৰ স্পেছ দুয়োধৰণে এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ৷

লগতে পঢ়ক: PM Modi Papua New Guinea Visit : জাপান ভ্ৰমণ সামৰি পাপুৱা নিউগিনিলৈ ৰাওনা প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.