ETV Bharat / bharat

Opposition unity meet: সলনি হ’ল স্থান; 13-14 জুলাইত বেংগালুৰুত বিৰোধীৰ উমৈহতীয়া বৈঠক

author img

By

Published : Jun 29, 2023, 6:05 PM IST

দ্বিতীয়খন উমৈহতীয়া বৈঠকৰ বাবে সাজু হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ ৷ ছিমলাৰ পৰিৱৰ্তে বেংগালুৰুত অনুষ্ঠিত হ’ব এই বৈঠক ৷

Opposition unity
Opposition unity

নেশ্যনেল ডেস্ক, 29 জুন: ছিমলাৰ পৰিৱৰ্তে বেংগালুৰুত অনুষ্ঠিত হ’ব বিৰোধীৰ সৰ্বদলীয় বৈঠক ৷ NCPৰ মুৰব্বী শাৰদ পাৱাৰে বৃহস্পতিবাৰে সদৰী কৰিছে এই কথা ৷ 13 আৰু 14 জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব এই বৈঠক ৷

‘‘বিৰোধী দলসমূহৰ পৰৱৰ্তী বৈঠক 13-14 জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'ব ৷" পাৱাৰে কয় ৷ ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে ঘোষণা কৰিছিল যে বিৰোধী দলসমূহৰ পৰৱৰ্তী বৈঠক হিমাচল প্ৰদেশৰ ছিমলাত অনুষ্ঠিত হ'ব ৷

উল্লেখ্য যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে এক উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ 17টা বিৰোধী ৰাজনৈতিক দলে বিহাৰৰ পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত তেওঁৰ অধ্যক্ষতাত 23 জুনত বৈঠকত মিলিত হৈছিল ৷ সেই বৈঠকতে অনুষ্ঠিত হ’ব লগা পৰৱৰ্তী বৈঠকত এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল ৷

প্ৰথম বৈঠকত অংশ গ্ৰহণ কৰিছিল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ (টিএমচি), আম আদমী পাৰ্টি (আপ), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি), শিৱসেনা , দ্ৰাবিড় মুন্নেত্ৰা কাজাগাম (ডিএমকে), ঝাৰখণ্ড মুক্তি মৰ্চা (জেএমএম), সমাজবাদী পাৰ্টি (এছপি), ৰাষ্ট্ৰীয় সন্মিলন (এনচি পিপলছ ডেমক্ৰেটিক পাৰ্টি, চিপিআই, চিপিআইপিএম), জনতা দল ইউনাইটেড (জেডিইউ), ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি) আদি বিৰোধী ৰাজনৈতিক দলে ৷

বৈঠকৰ অন্তত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সদৰী কৰিছিল যে আমি এক উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু কেনেদৰে আগবাঢ়িব লাগে সেই বিষয়ে পৰৱৰ্তী বৈঠকত সিদ্ধান্ত ল’ম ৷ আমি প্ৰতিখন ৰাজ্যৰ বাবে পৃথক পৰিকল্পনা বিকশিত কৰিব লাগিব আৰু আমি কেন্দ্ৰত বিজেপিক সিংহাসনচ্যুত কৰিবলৈ একেলগে কাম কৰিম ৷ উল্লেখ্য বেংগালুৰুত অনুষ্ঠিত হ’ব লগা বৈঠকৰ অধ্যক্ষতা কৰিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷

লগতে পঢ়ক: Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.