ETV Bharat / bharat

Newsclick row: শীৰ্ষ আদালতৰ প্ৰতি অৱমাননা জনায় গ্ৰেপ্তাৰ কৰা হৈছে নিউজক্লিকৰ দুগৰাকীকৈ কৰ্মকৰ্তাক, কপিল ছিবাল

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 1:56 PM IST

নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা বিষয়টো মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে জৰুৰী শুনানিৰ বাবে উল্লেখ কৰে । শীৰ্ষ আদালতৰ প্ৰতি অৱমাননা জনায় নিউজক্লিকৰ দুগৰাকীকৈ কৰ্মকৰ্তাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কয় জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ৷

Newsclick row Plea before Delhi HC against arrest of Purkayastha, Chakravarty
শীৰ্ষ আদালতৰ প্ৰতি অৱমাননা জনায় গ্ৰেপ্তাৰ কৰা হৈছে নিউজক্লিকৰ দুগৰাকীকৈ কৰ্মকৰ্তাক

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: সন্ত্ৰাসবাদ বিৰোধী আইন UAPA ৰ অধীনত নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা বিষয়টো মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে জৰুৰী শুনানিৰ বাবে উল্লেখ কৰে ।

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে UAPA ৰ অধীনত দাখিল কৰা গোচৰত নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে দিনৰ ভাগত শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয় । মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত থকা বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে জৰুৰী শুনানিৰ বাবে এই বিষয়টো উল্লেখ কৰে ।

"এইটো নিউজক্লিকৰ বিষয় । অবৈধভাৱে আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত উলংঘা কৰি গ্ৰেপ্তাৰ কৰা হৈছে" বুলি উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে বিচাৰপীঠক নিজেই শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰিবলৈ আহ্বান জনায় ।

মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰে পুৰকায়স্থ আৰু চক্ৰৱৰ্তীক । দিল্লীত নিউজক্লিকৰ কাৰ্যালয় ছীল কৰিছে আৰক্ষীয়ে । পৰ্টেলটোৱে চীনৰ অপপ্ৰচাৰক উদ্গনি জগোৱা এটা পৰ্টেলৰ পৰা ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

বৃহস্পতিবাৰে ইয়াৰ বিচাৰ আদালতে 2016 চনৰ উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু 2010 চনৰ দিল্লী উচ্চ ন্যায়ালয়ৰ আদেশৰ উদ্ধৃতি দি মহানগৰ আৰক্ষীক এই যুটিটোক এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল । আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে দিল্লীৰ 88 টা স্থানত আৰু আন ৰাজ্যৰ 7 টা স্থানত দিল্লী আৰক্ষীয়ে অভিযান চলাইছিল ।

মঙলবাৰে মুঠ 46 জন সাংবাদিক আৰু নিউজক্লিকৰ সৈতে জড়িত লোকক জেৰা কৰি তেওঁলোকৰ মোবাইল ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হয় । ভাৰতীয় মহিলা প্ৰেছ কৰ্পছ (IWPC), পি চি আই আৰু ডিজিপাব নিউজ ইণ্ডিয়া ফাউণ্ডেচনকে ধৰি বিশিষ্ট সাংবাদিক সংস্থাই এই বিষয়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ হস্তক্ষেপ বিচাৰিছে ।

লগতে পঢ়ক: Drone attack in Syria: ছিৰিয়াৰ সামৰিক প্ৰতিষ্ঠানত ড্ৰ’ন আক্ৰমণ, ৰাষ্ট্ৰসংঘৰ উদ্বেগ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.