ETV Bharat / bharat

NewsClick Row: নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ এজাহাৰৰ আবেদন বিচাৰি দিল্লী আৰক্ষীক জাননী ন্যায়ালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:23 PM IST

নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷ চীনক সমৰ্থনৰ বাবে ধন লাভ কৰা অভিযোগত ইউএপিএৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু HR বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তী ৷ মঙলবাৰে আৰক্ষীয়ে ৩০ টাতকৈও অধিক স্থানত তালাচী চলাই গোচৰৰ সৈতে জড়িত কেইবাজনো সাংবাদিকক জেৰাৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰে ।

NewsClick Row
প্ৰবীৰ পুৰকায়স্থৰ এজাহাৰৰ আবেদন বিচাৰি দিল্লী আৰক্ষীক জাননী জাৰি ন্যায়ালয়ৰ

নিউজ ডেস্ক, ৫ অক্টোবৰ: চীনক সমৰ্থনৰ বাবে ধন লাভ কৰা অভিযোগত ইউএপিএৰ অধীনত দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু HR বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত বুধবাৰে ন্যায়ালয়ে দিল্লী আৰক্ষীক জাননী জাৰি কৰে ৷ আৰক্ষীয়ে দাখিল কৰা ৰিমাণ্ড আবেদনৰ প্ৰতিলিপি অভিযুক্তৰ অধিবক্তা অৰ্শ্বদীপ সিং খুৰানাক গতাই দিবলৈ সন্মত হয় আদালত । অধিবক্তা খুৰানাই আদালতত এজাহাৰৰ কপিৰ বাবে অনুৰোধ জনায় যাতে তেওঁ অভিযুক্তৰ বাবে উপলব্ধ আইনী সুবিধাসমূহৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰে ।

ইফালে ৰিমাণ্ডৰ সময়চোৱাত অধিবক্তাক দৈনিক এঘণ্টাৰ বাবে অভিযুক্তক সাক্ষাৎ কৰিবলৈও অনুমতি প্ৰদান কৰে ন্যায়ালয়ে । আনহাতে গোচৰটোৰ হৈ যুক্তি দিবলৈ চৰকাৰী বিশেষ অধিবক্তা নথকাত ন্যায়ালয়ে গোচৰটোৰ শুনানী বৃহস্পতিবাৰলৈ স্থগিত ৰাখে ৷ ন্যায়াধীশৰ বাসগৃহত হাজিৰ কৰোৱাৰ পাচত অভিযুক্ত প্ৰবীৰ পুৰকায়স্থ আৰু অমিত চক্ৰৱৰ্তীক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে আৰক্ষীয়ে ৩০ টাতকৈও অধিক স্থানত তালাচী চলাই গোচৰৰ সৈতে জড়িত কেইবাজনো সাংবাদিকক জেৰা কৰাৰ অন্তত নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থ আৰু HR মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে লগতে দিল্লীস্থিত নিউজক্লিকৰ কাৰ্যালয়ো ছীল কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, ৪৬ জন "সন্দেহজনক"ক সোধা-পোছা কৰা হয় আৰু লেপটপ-মোবাইল ফোনকে ধৰি ডিজিটেল ডিভাইচ আৰু নথি-পত্ৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় । প্ৰায় ছয় ঘণ্টাৰো অধিক সময় সোধাপোছা কৰাৰ পাচত তেওঁলোকক যাবলৈ দিয়া হ’ল ।

লগতে পঢ়ক: ED raids Bengal ministers house : পশ্চিমবংগৰ মন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.