ETV Bharat / bharat

Arunachal New political party: অৰুণাচলত নতুন ৰাজনৈতিক দল ‘‘অৰুণাচল গণতান্ত্ৰিক দল’’ৰ আত্মপ্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:38 PM IST

অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙৰ নতুন ৰাজনৈতিক দল "অৰুণাচল গণতান্ত্ৰিক দল"ৰ আত্মপ্ৰকাশ ৷ এডিপি গঠনৰ মূল উদ্দেশ্য হৈছে, ৰাজ্যৰ কল্যাণৰ বাবে এই দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

New political party Arunachal Democratic Party launched
অৰুণাচলত নতুন ৰাজনৈতিক দল "অৰুণাচল গণতান্ত্ৰিক দল"ৰ আত্মপ্ৰকাশ

তেজপুৰ, ২৩ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যোতি বসুৰ পিচত সৰ্বকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙে ‘অৰুণাচল ডেম’ক্ৰেটিক পাৰ্টী’ (এডিপি) নামৰ নতুন আঞ্চলিক দল এটাৰ জন্ম দিয়ে । বুধবাৰে এ পি চিত এক সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী আপঙে জনোৱা মতে, চলিত বৰ্ষৰ ১৫ মে’ত দলটোৱে ভাৰতীয় নিৰ্বাচনী আয়োগক নতুন দলটোৰ বাবে আবেদন দাখিল কৰিছিল ৷ ইয়াৰ পিচতে ভাৰতীয় নিৰ্বাচন আয়োগে দলটোৰ উন্মোচনৰ বাবে অনুমতি প্ৰদান কৰিছিল ৷

এডিপি গঠনৰ মূল উদ্দেশ্য হৈছে, ৰাজ্যৰ কল্যাণৰ বাবে এই দলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । ৰাজ্যৰ পৰা দুৰ্নীতি শিপাসহ উভালি পেলাৱো আৰু যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ প্ৰদান কৰা আৰু আইন-শৃংখলাৰ সমস্যা সুশৃংখলিত কৰা বুলি আপঙে জানিবলৈ দিয়ে ৷

২০২৪ চনৰ বিধানসভা নিৰ্বাচনত দলটো যদি নিৰ্বাচিত হয়, তেন্তে ৰাজ্যখনৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থন অবিহনে ৰাজ্যখনৰ চহকী প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি ৰাজ্যখনে নিজাববীয়াকৈ থিয় দিব পাৰে।

‘এডিপি হ’ব ‘নতুন’ অৰুণাচল প্ৰদেশ সৃষ্টিৰ দৃষ্টিভংগীৰে এক শক্তিশালী আৰু সজীৱ আঞ্চলিক দল। ৰাজ্যখনৰ ৰাজনৈতিক জনগাঁথনি আৰু উন্নয়নত “বৈপ্লৱিক পৰিৱৰ্তন” আনিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক বিশেষকৈ যুৱক-যুৱতীসকলক দলটোক সমৰ্থন কৰাৰ লগতে যোগদান কৰিবলৈ আহ্বান জনায় ৷

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যখনত আইন-শৃংখলাৰ অপব্যৱহাৰ কৰি বলৱৎ কৰিছে, যাৰ ফলত ৰাজ্যত আইন-শৃংখলাৰ সমস্যা বৃদ্ধি পাইছে । আপঙে লগতে ৰাজ্য চৰকাৰে মৌলিক আৰু পৰ্যাপ্ত শিক্ষাৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগো উত্থাপন কৰে, যাৰ ফলত যুৱক-যুৱতীসকল সমাজখনত উপদ্ৰৱৰ সৃষ্টি কৰিছে ৷

সেয়েহে এই বিষয়সমূহ নীৰিক্ষণ কৰিবলৈ আৰু সমস্যাসমূহ সমাধান কৰিবলৈ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই এই দলটোৰ আত্মপ্ৰকাশ ঘটোৱা হৈছে ৷ ৰাজ্যখনৰ উন্নয়নৰ বাবে আমাক কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন নাই বুলি তেওঁ লগতে কয়।

লগতে পঢ়ক:IAF drill In Jorhat: ৩৬ শ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষাত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত ভাৰতীয় বায়ুসেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.