শ্ৰীকৃষ্ণৰ জন্মস্থান গোচৰত নতুন আবেদন দাখিল, 22 ডিচেম্বৰত হ‘ব পৰৱৰ্তী শুনানি - 29শ পত্ৰৰ আবেদন
ভগবান শ্ৰীকৃষ্ণৰ বংশধৰ বুলি উল্লেখ কৰি মনিশ যাদৱে 29শ পত্ৰৰ আবেদন আদালতত দাখিল কৰে ৷ চিনিয়ৰ ডিভিজন ন্যায়ালয়ে আবেদন পত্ৰ সমূহক গ্ৰহণ কৰে ৷
![শ্ৰীকৃষ্ণৰ জন্মস্থান গোচৰত নতুন আবেদন দাখিল, 22 ডিচেম্বৰত হ‘ব পৰৱৰ্তী শুনানি new-petition-file-in-sri-krishna-janmabhoomi-case-mathura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9890388-thumbnail-3x2-mathura.jpg?imwidth=3840)
শ্ৰীকৃষ্ণৰ জন্মস্থান গোচৰত নতুন আবেদন দাখিল, 22 ডিচেম্বৰত হ‘ব পৰৱৰ্তী শুনানি
নিউজ ডেস্ক, 15 ডিচেম্বৰ : শ্ৰীকৃষ্ণৰ জন্মস্থানৰ মালিকীস্বত্বৰ অধিকাৰ আৰু শ্ৰীকৃষ্ণৰ জন্মভূমিৰ পৰিসৰ বেদখল মুক্ত কৰাৰ দাবীক লৈ চিনিয়ৰ ডিভিজন ন্যায়ালয়ত নতুন আবেদন দাখিল কৰা হৈছে ৷ যত মঙলবাৰে দুপৰীয়া দুই বজাৰ পাছত চাৰি সদস্যৰ অধিবক্তাই গোচৰৰ ওপৰত তৰ্ক কৰে আৰু অধিবক্তা সকলৰ পক্ষৰ যুক্তি শুনাৰ পাছত সিদ্ধান্ত সুৰক্ষিত ৰাখে চিনিয়ৰ ডিভিজন আদালতে ৷
ভগবান শ্ৰীকৃষ্ণৰ বংশজ বুলি উল্লেখ কৰি মনিশ যাদৱে 29শ পত্ৰৰ আবেদন আদালতত দাখিল কৰে ৷ চিনিয়ৰ ডিভিজন ন্যায়ালয়ে আবেদন পত্ৰ সমূহক গ্ৰহণ কৰে ৷ এই সন্দৰ্ভত পৰৱৰ্তি শুনানি 22 ডিচেম্বৰত অনুষ্ঠিত হ‘ব ৷