ETV Bharat / bharat

Karnataka cabinet meeting: 5 গেৰাণ্টীত প্ৰথম কেবিনেটৰ অনুমোদন

author img

By

Published : May 20, 2023, 10:41 PM IST

কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া 5 টা গেৰাণ্টী আঁচনি ৰূপায়ণৰ বাবে নীতিগতভাৱে অনুমোদন জনোৱা হৈছে (New Karnataka cabinet) ৷ আঁচনিসমূহৰ বাবে যিমানেই ধনৰ প্ৰয়োজন নহওঁক কিয় প্ৰতিশ্ৰুতি অনুসৰি সেইবোৰ কাৰ্যকৰী কৰা হ’ব ৷ প্ৰথমখন কেবিনেট বৈঠকৰ পিচতে সংবাদমাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ (cabinet gives approval to implement 5 guarantees) ৷

cabinet gives approval to implement 5 guarantees
5 গেৰাণ্টীত প্ৰথম কেবিনেটৰ অনুমোদন

নিউজ ডেস্ক, 20 মে’: আজি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাবে সিদ্দাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী হিচাবে ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰে (Siddaramaiah oath ceremony) । আনুষ্ঠানিক শপত গ্ৰহণৰ পাচতেই কৰ্ণাটক চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় (cabinet gives approval to implement 5 guarantees) ৷

এই কেবিনেট বৈঠকৰ পিচতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা সিদ্দাৰামাইয়াই এক সংবাদমেলযোগে সদৰী কৰে যে, কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া 5 টা গেৰাণ্টী আঁচনি ৰূপায়ণৰ বাবে নীতিগতভাৱে অনুমোদন জনোৱা হৈছে (New Karnataka cabinet) ৷ অহা সপ্তাহত পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হ'ব (Karnataka CM Press meet) ৷ আঁচনিসমূহৰ বাবে যিমানেই ধনৰ প্ৰয়োজন নহওঁক কিয় প্ৰতিশ্ৰুতি অনুসৰি সেইবোৰ কাৰ্যকৰী কৰা হ’ব ৷

গৃহজ্যোতি আঁচনিৰ অধীনত প্ৰতি মাহে ২০০ ইউনিট বিদ্যুৎ পৰিয়ালৰ বাবে বিনামূলীয়া আৰু ইয়াৰ বাবে প্ৰতি মাহে প্ৰায় ১,২০০ কোটি টকা ব্যয় কৰা হ'ব ৷ একেদৰে, মূল্যবৃদ্ধিৰ অধীনত থকা পৰিয়ালৰ মহিলা মুৰব্বীসকলৰ বাবে গৃহলক্ষ্মী আঁচনিৰ অধীনত 2,000 টকাকৈ প্ৰদান কৰা হ'ব ৷ অভিযন্তাৰ পৰা এম বি বি এছলৈকে সকলো নিবনুৱা স্নাতকে দুবছৰৰ বাবে 2,000 টকা লাভ কৰিব আৰু ডিপ্লোমা ধাৰকে 1,500 টকাকৈ লাভ কৰিব ৷ কৰ্ণাটকৰ সকলো মহিলাৰ সুবিধাৰ্থে বাছ পাছ জাৰী কৰা হ'ব আৰু তেওঁলোকে বিলাসী বাহনৰ বাহিৰে সকলো চৰকাৰী পৰিবহন বাহনত বিনামূলীয়াকৈ ভ্ৰমণ কৰিব পাৰে ৷

উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰে লগতে কয় যে, এই আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ হিতাধিকাৰীসকলৰ তথ্য সংগ্ৰহ কৰিবলৈ কিছু সময় লাগিব ৷ দৰিদ্ৰ লোকসকলক ৰাজ সাহায্যযুক্ত খাদ্য প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে ইন্দিৰা কেণ্টিন পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰা হ'ব ৷ সোমবাৰ অৰ্থাৎ (২২ মে’) ৰ পৰা তিনিদিনীয়া বিধানসভা অধিৱেশন আহ্বান কৰা হৈছে ৷ এই সন্দৰ্ভত ৰাজ্যপাল থাৱাৰচান্দ গেহলটলৈ আবেদন দাখিল কৰা হৈছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বছৰি ৰাজ্যখনে কেন্দ্ৰৰ পৰা ৫০,০০০ কোটি টকা লাভ কৰিব ৷ আন ৰাজ্যৰ তুলনাত কৰ্ণাটকত অন্যায়ৰ সন্মুখীন হ'বলগীয়া হয় ৷ ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰক কৰ হিচাপে ৪ লাখ কোটি টকা পৰিশোধ কৰে ৷

আজিৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলক বাছনি কৰাৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে (Rahul Gandhi thanks Kannadigas) । ৰাহুলে লগতে কয়, "আমি আপোনালোকক ৫টা প্ৰতিশ্ৰুতি দিছিলোঁ । মই কৈছিলোঁ যে আমি মিছা প্ৰতিশ্ৰুতি নিদিওঁ । আমি যি কওঁ সেয়া কৰোঁ ৷’’ (Rahul Gandhi on 5 promises in Karnataka) ।"

লগতে পঢ়ক: Rahul Thanks Kannadigas : প্ৰথম কেবিনেট বৈঠকতে পূৰণ কৰিব 5 প্ৰতিশ্ৰুতি; ঘোষণা ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.