ETV Bharat / bharat

Smartphone tips: Smartphone ক্ৰয় কৰাৰ সময়ত কেতিয়াও নকৰিব এই ভুল - মূল্যক আওকাণ নকৰিব

যদি আপুনি নতুন স্মাৰ্টফোন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে ক্ৰয় কৰাৰ আগতে কিছুমান কথা মনত ৰখাটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় । অন্যথা কিছুমান ভুলৰ বাবে পিছলৈ অনুতাপ কৰিবলগীয়া হ’ব পাৰে ।

Never make these mistakes while buying a Smartphone otherwise you may have to repent later
Smartphone ক্ৰয় কৰাৰ সময়ত কেতিয়াও নকৰিব এই ভুল
author img

By

Published : Apr 5, 2023, 8:41 PM IST

প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে স্মাৰ্টফোন এটা ডাঙৰ প্ৰয়োজন । ব্যৱহাৰকাৰীয়ে কলেজলৈ যোৱাৰ সময়তে হওক বা কৰ্মৰত পেছাদাৰীয়েই হওক, স্মাৰ্টফোন অবিহনে প্ৰতিটো কাম অসম্পূৰ্ণ হৈয়েই থাকে (Smartphone Buying mistakes)। এনে পৰিস্থিতিত ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তাক মনত ৰাখি প্ৰতিটো বাজেটৰ ডিভাইচ বজাৰত অনা হয় । কিন্তু স্মাৰ্টফোন ক্ৰয় কৰাৰ সময়ত বহু সময়ত ব্যৱহাৰকাৰীয়ে বহু ভুল কৰে, যাৰ বাবে ব্যৱহাৰকাৰীয়ে পিচত অনুতাপ কৰিবলগীয়া হয় । এই প্ৰতিবেদনত আমি আপোনালোকক এনে কিছুমান তথ্য আগবঢ়াম, যিটো স্মাৰ্টফোন কিনাৰ সময়ত প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ-

আপোনাৰ প্ৰয়োজন অনুসৰি সঠিক ডিভাইচ বাছক

স্মাৰ্টফোন কিনাৰ আগতে যদি আপুনি আপোনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানে, তেন্তে আপুনি সঠিক ডিভাইচ বাছি ল’ব পাৰে । বিভিন্ন ব্যৱহাৰকাৰীৰ বাবে বজাৰত বিভিন্ন ডিভাইচ আগবঢ়োৱা হয় (Smartphone tips) ।

উদাহৰণস্বৰূপে, যদি আপুনি গেমিংৰ প্ৰতি আকৰ্ষিত, তেন্তে ডাঙৰ স্ক্ৰীণ আৰু ভাল প্ৰদৰ্শন আপোনাৰ বাবে প্ৰয়োজন হৈ পৰে (Mobile phone problems and solutions)। একেদৰে যদি আপুনি ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত তেন্তে ফোনটোৰ স্ক্ৰীণতকৈ কেমেৰা আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ (disadvantages of mobile phones)।

মূল্যক আওকাণ নকৰিব

সময়ৰ লগে লগে ফোন সলনি কৰিবলৈ ভাল পালেও ইয়াৰ মূল্যক আওকাণ কৰাটো উচিত নহয় । কেতিয়াবা দামী স্মাৰ্টফোন এটাও হেংগ বা স্লো হোৱাৰ দৰে সমস্যাৰ সৈতে আহিব পাৰে । গতিকে আপুনি কিনা স্মাৰ্টফোনটো আগতীয়াকৈ সঠিকভাৱে পৰীক্ষা কৰক । লগতে কোম্পানীটোৰ নামৰ ওপৰত নিৰ্ভৰ নকৰিব, আন ডিভাইচৰ সৈতেও তুলনা কৰক (Buying a mobile phone in India)।

বিজ্ঞাপন দেখাৰ পিছত ফোন ক্ৰয় কৰিব নালাগে

বহু সময়ত ব্যৱহাৰকাৰীয়ে বিজ্ঞাপনটো দেখাৰ পিচতহে নতুন ফোন কিনাৰ কথা ভাৱে । অৱশ্যে তেনে কৰাৰ পৰামৰ্শ দিয়া হোৱা নাই । কেৱল ফোনটোৰ হাইলাইট কৰা বৈশিষ্ট্যসমূহহে বিজ্ঞাপনত দেখুওৱা হৈছে । যিকোনো ফোন ক্ৰয় কৰাৰ আগতে ইয়াৰ সকলো দিশ পৰীক্ষা কৰক । কেমেৰা, বেটাৰী, পাৰফৰমেন্স আৰু ডিছপ্লেৰ বাহিৰেও আন সকলো বৈশিষ্ট্যও পৰীক্ষা কৰাটো উচিত ।

সঠিক সময়ত ফোন ক্ৰয় কৰিব

নতুন ফোনটো লঞ্চ কৰাৰ পিচত কিছুমান দামী মূল্যতহে বজাৰত বিক্ৰী কৰা হয় । যদি আপুনি এটা ফোন পচন্দ কৰিছে, তেন্তে সঠিক সময়ত ইয়াক ক্ৰয় কৰক । অৱশ্যে ইয়াৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব । অনলাইনত বহু ধৰণৰ ৰেহাইৰ অফাৰ দিয়া হয়, ইয়াৰ বাহিৰেও উৎসৱৰ সময়ত আপুনি স্মাৰ্টফোন ক্ৰয় কৰিলে যথেষ্ট ৰেহাই পোৱা যায় ।

লগতে পঢ়ক: অত্যাধুনিক সুবিধাৰ সৈতে মুকলি হ'ল Infinix Hot 30i Smartphone

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.