নিউজ ডেস্ক, ২৬ মে' : বৃহস্পতিবাৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Indira Gandhi International Airport) এয়াৰ ইণ্ডিয়াৰ এআই-৩৩২ বিমানৰ ভিতৰত প্ৰায় ৩০০ জন যাত্ৰী আবদ্ধ হৈ পৰে (passengers confined inside Air India aircraft) । বিমানখন দিল্লীৰ পৰা বেংককলৈ যোৱাৰ কথা আছিল আৰু দিনৰ ১.৫৮ বজাত উৰা মাৰিবলগা আছিল ।
কিন্তু বিমানখনৰ ভিতৰত যাত্ৰীসকল সুদীৰ্ঘ সময় ধৰি আবদ্ধ হৈ থকাৰ ফলত এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয় (Passengers locked in Air India aircraft) । এই অভিজ্ঞতাৰ কথা বিমানখনৰ ভিতৰত আবদ্ধ যাত্ৰীসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে । তাৰ পিছতে বিমান সংস্থাটোৱে টুইটাৰত ক্ষমা বিচাৰে । সংস্থাটোৱে কয়, বিমানখনৰ উৰণ 'এৰাব নোৱাৰা কাৰিকৰী কাৰণত' বিলম্ব হৈছিল । আনহাতে, যাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোক বিমানখনত আবদ্ধ হৈ থকা সুদীৰ্ঘ সময়ছোৱাত খোৱাপানীকে ধৰি কোনো ধৰণৰ খাদ্য-সামগ্ৰী যোগান ধৰা হোৱা নাছিল ।
সূত্ৰত প্ৰকাশ পোৱা মতে, যাত্ৰীসকল নিৰ্ধাৰিত সময়তে বিমানখনত উঠে । আনহাতে, বিমানখনে কিছু সময়ৰ পিছতে উৰা মাৰিব বুলিও ঘোষণা কৰা হৈছিল । কিন্তু তাৰ পিছত প্ৰায় চাৰে সাত ঘণ্টা ধৰি বিমানখনে উৰা মাৰিব পৰা নাছিল । এই সময়ছোৱাত এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানৰ মূৰে মূৰে ঘোষণা কৰা হৈছিল যে বিমানখনে উৰা মাৰিবলৈ সাজু হৈছে । লগতে কোনো যাত্ৰীকে বিমানখনৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া হোৱা নাছিল । কিন্তু তাৰ পিছতো যেতিয়া বিমানখনে গতি কৰা নাছিল, তেতিয়াই এয়াৰলাইনছ কৰ্তৃপক্ষ আৰু যাত্ৰীসকলৰ লগতে তেওঁলোকৰ আত্মীয়সকলৰ মাজত টুইট যুদ্ধ আৰম্ভ হয় ।
"বিমানখন ডেৰ ঘণ্টা ধৰি ৰখি আছে । এচি বন্ধ হৈ আছে আৰু আপোনালোকে পানী পৰিবেশন কৰা নাই । আপোনালোকে যাত্ৰীসকলক কিয় বিমানখনৰ নামিব নিদিয়ে ? মানুহবোৰৰ শ্বাসৰুদ্ধ হোৱাৰ দৰে হৈছে । মোৰ পত্নী সদ্য গৰ্ভৱতী আৰু তেওঁ এই পৰিস্থিতিৰ মাজেৰে চলিবলগা হৈছে । @DGCAIndia" দীপাংশু শেঠী নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এনেদৰে লিখে ।
লগতে পঢ়ক :Mob lynching style attack: জয় শ্ৰী ৰাম ধ্বনিৰে গণপ্ৰহাৰ; মহিলাৰ গৰ্ভপাত