নেশ্যনেল ডেস্ক,২৭ মে': ৩১ মে'ত ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড (Nepal PM Prachanda to visit India)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণ ৰক্ষা কৰি নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩১ মে'ৰ পৰা ৩ জুনলৈ ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব । ২০২২ চনৰ ডিচেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচত নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এয়া হ'ব প্ৰথম দ্বিপাক্ষিক বিদেশ ভ্ৰমণ ।
তেওঁৰ সৈতে নেপালৰ এক শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে নেপালত ভাৰতৰ ৰাষ্ট্ৰদূত ড০ শংকৰ শৰ্মাক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই আভ্যন্তৰীণ আৰু বহুমুখী অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰে । ভাৰত আৰু নেপাল দুয়োখন ৰাষ্ট্ৰই অনাগত দিনত অংশীদাৰিত্ব অধিক বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।
প্ৰধানমন্ত্ৰীয়ে ফেডাৰেচন অৱ নেপালী চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি (FNCCI) আৰু ভাৰতীয় উদ্যোগ পৰিষদে (CII) যুটীয়াভাৱে নতুন দিল্লীত আয়োজন কৰা নেপাল-ভাৰত ব্যৱসায় সন্মিলনত ভাষণ প্ৰদান কৰিব আৰু দুয়োখন দেশৰ ব্যৱসায়িক নেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব (Nepal India Business Summit 2023)।
নেপালৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতত নেপালৰ ৰাষ্ট্ৰদূত শংকৰ প্ৰসাদ শৰ্মাই আয়োজন কৰা এক অভ্যৰ্থনা অনুষ্ঠানত ভাৰতৰ নেপালী সম্প্ৰদায়ৰ সৈতেও বাৰ্তালাপ কৰিব ।প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জুনত কাঠমাণ্ডুলৈ উভতি যোৱাৰ পূৰ্বে উজ্জয়িনী আৰু ইন্দোৰ ভ্ৰমণ কৰাৰ কথা আছে ।
প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে নেপাল আৰু ভাৰতৰ মাজৰ দীৰ্ঘদিনীয়া সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব । এই ভ্ৰমণকালত নেপালৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব । ভাৰত আৰু নেপালৰ মাজত দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিভিন্ন ক্ষেত্ৰৰ ওপৰতো প্ৰধানমন্ত্ৰী মোডীৰ সৈতে তেওঁ আলোচনা কৰিব । ভাৰতৰ অন্যান্য নেতাসকলেও নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব ।
উল্লেখ্য যে সহযোগিতাৰ সকলো ক্ষেত্ৰতে যোৱা কেইবছৰমানত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট শক্তিশালী হৈছে (India Nepal friendship)। এই ভ্ৰমণে দ্বিপাক্ষিক অংশীদাৰিত্বত অধিক গতি দিব বুলিও আশা কৰা হৈছে ।
লগতে পঢ়ক :New parliament building controversy : নতুন সংসদ ভৱন উদ্বোধনক লৈ অসন্তুষ্ট নীতিশ কুমাৰ