ETV Bharat / bharat

নেপালত সন্ধানহীন Tara Air 9 NAET বিমানৰ অৱশিষ্ট উদ্ধাৰ - Nepal Army physically locates plane air crash site

নেপালত সন্ধানহীন হোৱা Tara Air 9 NAET বিমানখনৰ অৱশিষ্ট উদ্ধাৰ নেপাল সেনাৰ ৷ নেপাল সেন্যৰ এটা দল উপস্থিত হৈছে দুৰ্ঘটনাস্থলীত ৷

nepal-army-physically-locates-plane-air-crash-site
Tara Air 9 NAET: দুৰ্ঘটনাস্থলীত উপস্থিত নেপাল সেনা
author img

By

Published : May 30, 2022, 10:59 AM IST

নেশ্যনেল ডেস্ক, 30 মে’ নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা Tara Air 9 NAET বিমানখনৰ অৱশিষ্ট উদ্ধাৰ নেপাল সেনাৰ ৷ সোমবাৰে সেনাৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল নাৰায়ণ চিলৱালে জনোৱা অনুসৰি নেপাল সৈন্যৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হ'বলৈ (Tara Airlines plane crash site) সক্ষম হৈছে ৷ বিমানখনত তিনিজন নেপালী কৰ্মচাৰীৰ উপৰিও চাৰিগৰাকী ভাৰতীয় নাগৰিক, দুগৰাকী জাৰ্মান আৰু ১৩ গৰাকী নেপালী যাত্ৰী আছিল ।

ব্ৰিগেডিয়াৰ জেনেৰেল চিলৱালে টুইটাৰযোগে কয় যে অনুসন্ধান আৰু উদ্ধাৰকাৰী এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে ৷ দেওবাৰে পুৱাৰে পৰা দুটা ইঞ্জিনযুক্ত বিমানখন পোখৰাৰ পৰা উৰা মৰাৰ কেইমিনিটমান পিছতে বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ তথ্য পোৱা গৈছিল ৷ কাঠমাণ্ডুৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ পূবত পোখৰাৰ পৰা পুৱা ১০:১৫ বজাত উৰা মাৰিব লগা তাৰা এয়াৰৰ বিমানখনৰ অৱস্থা এতিয়ালৈকে অজ্ঞাত, নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই এক বিবৃতিত জনায়।

সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালৰ মতে, একাংশ স্থানীয় লোকে জনোৱা অনুসৰি মানাপতি হিমালৰ লামচে নদীত তাৰা এয়াৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে । বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, বিমানখন উৰা মৰাৰ অলপ পিছতে লেট পাছ অঞ্চলত অন্তিমবাৰৰ বাবে বিমানখনৰ সৈতে যোগাযোগ হৈছিল । জোমচোমৰ ঘাচা অঞ্চলত হোৱা এক প্ৰচণ্ড শব্দৰ বিষয়ে বিষয়াসকলক জনোৱা হৈছিল। গৃহ মন্ত্ৰালয়ে সন্ধানহীন বিমানৰ সন্ধানৰ বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ মোতায়েন কৰিছে।

ইফালে, কাঠমাণ্ডুত ভাৰতৰ দূতবাসে টুইটযোগে জৰুৰীকালীন নম্বৰ জাৰি কৰিছে আৰু আৱদ্ধ লোকসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ জনাইছে । জৰুৰীকালীন নম্বৰটো হৈছে +977-9851107021 ।

লগতে পঢ়কঃ দুৰ্ঘটনাত পতিত হ’ল নেকি Tara Air 9 NAET বিমান খন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.