ETV Bharat / bharat

Railway connectivity in India : ভাল খবৰ ! পূৰ্বোত্তৰৰ সৈতে যুক্ত হ’ব আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ৰে’লপথ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:31 AM IST

শীঘ্ৰে সংযোগ হ’ব উত্তৰ-পূবৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ৰে’লপথ ৷ পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূব অঞ্চলৰ ৰেলপথৰ আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়নৰ বাবে, পাহাৰীয়া আৰু সীমান্তৱৰ্তী অঞ্চল সংযোগৰ বাবে 1.20 লাখ কোটি টকা ধাৰ্য কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিপিআৰঅ’ সব্যসাচী দে’য়ে জনায় ৷

north eastern railway connectivity project
উঃপূৱৰ সৈতে সংযোগ হ’ব আন্তঃৰাষ্ট্ৰীয় সীমা সংযোগী ৰে’লপথ

নেশ্যনেল ডেস্ক, 27 আগষ্ট: উত্তৰ-পূবৰ সৈতে শীঘ্ৰে সংযোগ হ’ব আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰমী ৰেলপথৰ সংযোগ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সীমান্তঞ্চলত সংযোগ বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো পৰ্যবেক্ষণ কৰি শনিবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দে’য়ে কয় যে, উত্তৰ-পূবৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰমী ৰে’ল সংযোগ হ’ব ।

ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰেলপথৰ আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়নৰ বাবে, পাহাৰীয়া আৰু সীমান্তৱৰ্তী অঞ্চল সংযোগৰ বাবে 1.20 লাখ কোটি টকা ধাৰ্য কৰা হৈছে পোনপ্ৰথমবাৰৰ বাবে । সীমান্ত সংযোগ বৃদ্ধিৰ বাবে ৰেলৱেৰ প্ৰচেষ্টা সন্দৰ্ভত নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ চিপিআৰঅ’ সব্যসচী দে’য়ে ANI ক কয়, “আমাৰ গুৰুত্ব মূলতঃ ভাৰত-চীন সীমান্ত । আমি ম্যানমাৰতো গুৰুত্ব দিছো, ইম্ফল-মৰে’ লাইনক প্ৰাথমিক অনুমোদন দিয়া হৈছে ।”

এক বিবৃতিযোগে ৰেলৱে কৰ্তৃপক্ষই কয়, ‘‘মিজোৰামৰ দক্ষিণে থকা আৰু কালাডান মাল্টিম’ডাল প্ৰজেক্টৰ সংযোগী ছাইৰাং-হবিহল ৰে’লপথকো অনুমোদন দিয়া হৈছে । ভূটানক সংযোগ কৰা হ’ব কোকৰাঝাৰ-গেলেফু ৰেলপথেৰে । অতি কম সময়ৰ ভিতৰতে আগৰতলা-আখৌৰা ৰে’ল প্ৰকল্পও আৰম্ভ হ’ব । অতি শীঘ্ৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি ৰে’লপথ সংযোগ হ’ব ।

সংলগ্ন কুশিয়াৰা নদী আৰু মহিষাশান-শ্বাহবাজপুৰ পথৰ সমান্তৰালকৈ অৱস্থিত মহিষাসন ৰেলৱে ষ্টেচনে ১৯৬৬ চনৰ পৰা অকাৰ্যকৰী হৈ আছে, উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ লগতে ভাৰতৰ দ্বিপাক্ষিক বাণিজ্য আৰু ট্ৰেনজিট শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বাংলাদেশৰ সৈতে সংযোগ স্থাপন ।

ইয়াৰ পূৰ্বে 9 মে’ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী এডমিৰেল টিন আং ছানে যৌথভাৱে ম্যানমাৰৰ ছিটৱে বন্দৰ উদ্বোধন কৰি প্ৰথমখন ভাৰতীয় মালবাহী জাহাজ লাভ কৰিছিল । উত্তৰ-পূৰ্বাঞ্চললৈ বহু সহজ আৰু লজিষ্টিকেৰে সামগ্ৰী অনাৰ লক্ষ্যৰে এই পৰিকল্পনাক সাকাৰ ৰূপ দিয়া হৈছিল । তেওঁ কয়, "ইয়াৰ ফলত দেশৰ এই অংশটোত সামগ্ৰীৰ ব্যয় স্পষ্টভাৱে হ্ৰাস পাব আৰু ৰে’লৱেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।"

তেওঁ আৰু কয়, "উত্তৰ-পূৰ্বাঞ্চলত চলি থকা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ হৈছে ৰাজ্যিক ৰাজধানী সংযোগ প্ৰকল্প ৷ ছিকিম, মিজোৰাম, মণিপুৰ, আৰু নাগালেণ্ডক সংযোগ কৰিবলৈ চেষ্টা কৰিছো ৷"

লগতে পঢ়ক: USA news : আমেৰিকাত একেদিনাই দুটা স্থানত গুলীচালনাৰ ঘটনা; নিহত 3 আহত 7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.