ETV Bharat / bharat

Presidential Election 2022 : বিৰোধীৰ পৰা সমৰ্থন বিচাৰিলে NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

author img

By

Published : Jun 24, 2022, 7:15 PM IST

১৮ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন (Presidential Election 2022)। শুকুৰবাৰে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে । ফোনযোগে বিৰোধীৰ পৰা সমৰ্থনো বিচাৰিলে এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে ।

Presidential Election 2022
বিৰোধীৰ পৰা সমৰ্থন বিচাৰিলে NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

নেশ্যনেল ডেস্ক,২৪ জুন : সম্প্ৰতি ৰাষ্ট্ৰপতি নিৰ্বাচনক (Presidential Election 2022) লৈ দেশত চৰ্চা অব্যাহত আছে । ইয়াৰ মাজতে শুকুৰবাৰে পুৱা ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে (Draupadi murmu filed nomination) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত মনোনয়ন দাখিল কৰে এনডিএৰ প্ৰাৰ্থী মুৰ্মুৱে ৷

মনোনয়ন দাখিলৰ পূৰ্বে এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ফোনযোগে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, এনচিপিৰ সভাপকি শৰদ পাৱাৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি কেইবাজনো গুৰুত্বপূৰ্ণ বিৰোধী নেতাৰ পৰা সমৰ্থন বিচাৰিছে (Draupadi murmu calls opposition seeking support)। সূত্ৰৰ মতে তেওঁলোকক ব্যক্তিগতভাৱে ফোন কৰিছে দ্ৰৌপদী মুৰ্মুৱে আৰু ১৮ জুলাইৰ ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত বাৰ্তালাপ কৰে । তিনিওগৰাকী নেতাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে বুলি সূত্ৰই জানিবলৈ দিয়ে ।

ইফালে মুৰ্মুৱে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ৰিটাৰ্ণিং বিষয়া পি চি মডীক মনোনয়ন দাখিল কৰিছিল । তেওঁৰ সৈতে অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, বিজেপি সভাপতি জে পি নাড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে । যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহান, মনোহৰ লাল খট্টৰ, জয়ৰাম ঠাকুৰ, পুষ্কৰ সিং ধামী আৰু ৱাইএছআৰচিপি, বিজেডি আৰু এআইএডিএমকেৰ দৰে একাংশ এন ডি এ সমৰ্থিত দলৰ নেতাকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ কেইবাজনো মুখ্যমন্ত্ৰীও তেওঁৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে ।

লগতে পঢ়ক :Presidential Election 2022: ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.