ETV Bharat / bharat

দেশৰ উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে উছৰ্গিত বিজেপিৰ ৮ বছৰীয়া কাৰ্যকাল: প্ৰধানমন্ত্ৰী

author img

By

Published : May 20, 2022, 3:27 PM IST

এই মাহতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আঠ বছৰ সম্পূৰ্ণ কৰিব (Eight years of NDA government)। তাৰ প্ৰাকক্ষণত এক ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । তেওঁৰ মতে আঠ বছৰীয়া কাৰ্যকালত দেশৰ সন্তুলিত উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

PM
দেশৰ উন্নয়ন আৰু সামাজিক ন্যায়ৰ বাবে উছৰ্গিত বিজেপিৰ ৮ বছৰীয়া কাৰ্যকাল

নেশ্যনেল ডেস্ক,২০ মে' : 'বিজেপি নেতৃত্বাধীন চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালত দেশৰ সন্তুলিত উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।' এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । শুকুৰবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে জয়পুৰত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ৰ সভাৰ ভাষণত এই মন্তব্য কৰে (Modi address to BJP workers)। তেওঁ লগতে কয় যে ২০১৪ চনৰ পিছত চৰকাৰৰ বিতৰণ ব্যৱস্থাৰ ওপৰত মানুহে পুনৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ।

ইয়াৰ উপৰিও তেওঁ দলৰ নেতা আৰু কৰ্মীসকলক চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা কোনো দৰিদ্ৰ, যোগ্য হিতাধিকাৰী বাদ নপৰাটো নিশ্চিত কৰিবলৈ অভিযান আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে । প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে, এই মাহত এন ডি এ চৰকাৰে আঠ বছৰ সম্পূৰ্ণ কৰিব (Eight years of NDA government)। তেওঁৰ মতে এই আঠ বছৰ সংকল্প আৰু সফলতাৰ আছিল । প্ৰধানমন্ত্ৰীৰ মতে আঠ বছৰত ক্ষুদ্ৰ কৃষক, শ্ৰমিক আৰু মধ্যবিত্ত শ্ৰেণীৰ আশা পূৰণ কৰা হৈছে ৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বৰ বহু আশা আছে । একেদৰে, ভাৰতত বিজেপিৰ প্ৰতি জনসাধাৰণৰ এক বিশেষ স্নেহ আছে বুলিও তেওঁ দাবী কৰে । তেওঁৰ মতে বিজেপিৰ প্ৰতি দেশৰ জনসাধাৰণৰ বহুখিনি বিশ্বাস আৰু আশা আছে । প্ৰধানমন্ত্ৰীৰ মতে ২০১৪ চনৰ পিছত, ভাৰতবাসীৰ হতাশা দূৰ হৈছে আৰু আজি মানুহৰ আশা পূৰণ হৈছে ।

বিজেপিৰ কাৰ্যালয়ৰ বিষয়াসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণৰ এই আশা আৰু আকাংক্ষাই দলটোৰ দায়িত্ব বৃদ্ধি কৰে । দেশে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ লগতে পৰৱৰ্তী ২৫ বছৰৰ বাবে বিজেপিয়ে বিভিন্ন ধৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । তেওঁৰ মতে জনসাধাৰণৰ বাবে নিৰন্তৰভাৱে কাম কৰাৰ সময় আহিছে ।

বিৰোধী দলসমূহক স্পষ্টভাৱে আক্ৰমণ কৰি মোডীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে তেওঁলোকৰ স্বাৰ্থৰ বাবে উত্তেজনা সৃষ্টি কৰিবলৈ সৰু সৰু ঘটনাবিলাকৰ আশ্ৰয় লয় । দেশৰ উন্নয়নৰ স্বাৰ্থত বিজেপি নেতা আৰু কৰ্মীসকলক সেইবোৰত লাগি নাথাকিবলৈও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় ।

লগতে পঢ়ক :কান মহোৎসৱ 2022ত ভাৰতবৰ্ষই ‘সন্মানৰ দেশ’ খিতাপ লাভ কৰাত আনন্দিত নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.