ETV Bharat / bharat

পিত্তাশয়ৰ সমস্যাত ভূগিছে এনচিপি নেতা শৰদ পাৱাৰ

author img

By

Published : Mar 29, 2021, 1:52 PM IST

অসহ্যকৰ পেটৰ বিষত ভূগি থকাৰ পিছতে মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয় জ্যেষ্ঠ এন চি পি নেতা শৰদ পাৱাৰক । চলিত সপ্তাহতে পাৱাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব ।

পিত্তাশয়ৰ সমস্যাত ভূগিছে এন চি পি নেতা শৰদ পাৱাৰে

নেশ্যনেল ডেস্ক,২৯ মাৰ্চ: পিত্তাশয়ৰ সমস্যাত ভূগি আছে এন চি পি নেতা শৰদ পাৱাৰ । পেটৰ বিষত আক্ৰান্ত হোৱাৰ পিছতে এন চি পি নেতা শৰদ পাৱাৰক মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পতাললৈ লৈ যোৱা হয় । মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে প্ৰকাশ কৰা মতে, ৮০ বছৰীয়া নেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাৰ পিছতে চিকিৎসকে ডায়েগ্ন'ছিছ কৰাৰ পৰামৰ্শ দিয়ে ।

ডায়েগ্ন'ছিছত পোহৰলৈ আহে যে পিত্তাশয়ৰ সমস্যাত ভূগিছে নেতাগৰাকী । দলৰ এগৰাকী শীৰ্ষ নেতাই জনোৱা মতে, চলিত সপ্তাহৰ শেষৰ ফালে পাৱাৰক চিকিৎসালয়ত ভৰ্তি কৰোৱাই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ'ব ।

আনহাতে, অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পূৰ্বে এণ্ড্ৰ'ছকপি কৰা হ'ব । পূৰ্বে নিৰ্ধাৰিত শৰদ পাৱাৰৰ সকলো অনুষ্ঠান বাতিল কৰা হৈছে বুলি জনাইছে মন্ত্ৰী নৱাব মালিকে ।

লগতে পঢ়ক:কৰ্ণাটকত পথ দুৰ্ঘটনাত থিতাতে নিহত ২

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.