ETV Bharat / bharat

Replacing India with Bharat: পাঠ্যপুথিত ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ব্যৱহাৰৰ পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:00 PM IST

আমাৰ দেশৰ নাম ভাৰত নে ইণ্ডিয়া ? এই বিষয়ক লৈ ৰাজনৈতিক মহলত চলি থকা বিতৰ্ক এইবাৰ পাইছেগৈ পাঠ্যক্ৰমৰ ভিতৰ ৷ NCERT ৰ এখন উচ্চ স্তৰীয় সমিতিয়ে পৰামৰ্শ দিছে পাঠ্যপুথিত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে ৷

replacing India with Bharat in school textbooks
Replacing India with Bharat

নিউজ ডেস্ক, 25 অক্টোবৰ: বুৰঞ্জীৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস আঁতৰোৱাৰ পাচত এইবাৰ পাঠ্যপুথিত দেশৰ নাম ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT এ বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰম সংশোধনৰ বাবে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে ।

কমিটীৰ অধ্যক্ষ চি আই আইজাকৰ মতে, পেনেলে পাঠ্যপুথিত ‘ইণ্ডিয়া’ নামটোৰ সলনি ‘ভাৰত’ নামটো ব্যৱহাৰ কৰিবলৈ, পাঠ্যক্ৰমত "প্ৰাচীন ইতিহাস"ৰ পৰিৱৰ্তে "ক্লাছিকেল হিষ্ট্ৰী"ৰ প্ৰৱৰ্তন আৰু সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে ।

কিন্তু NCERTৰ বিষয়াসকলে কয় যে পেনেলৰ পৰামৰ্শ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই । আইজাকে পিটিআইক কয় যে, "কমিটিয়ে সৰ্বসন্মতিক্ৰমে পৰামৰ্শ দিছে যে শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথিত 'ভাৰত' নামটো ব্যৱহাৰ কৰিব লাগে । পাঠ্যপুথিত 'প্ৰাচীন ইতিহাস'ৰ পৰিৱৰ্তে 'ক্লাছিকেল হিষ্ট্ৰী'ৰ প্ৰৱৰ্তনৰ পৰামৰ্শও আমি দিছো ।"

তেওঁ কয় যে কমিটীয়ে পাঠ্যপুথিত বিভিন্ন যুদ্ধত "হিন্দু বিজয়"ৰ ওপৰত আলোকপাত কৰাৰ পৰামৰ্শও দিছে । ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট’ৰিকেল ৰিচাৰ্চৰো (ICHR) সদস্য আইজাকে কয় যে, "আমাৰ ব্যৰ্থতাৰ কথা বৰ্তমান পাঠ্যপুথিত উল্লেখ কৰা হৈছে । কিন্তু মোগল আৰু চুলতানৰ ওপৰত আমাৰ বিজয়ৰ কথা উল্লেখ কৰা হোৱা নাই ।" NCERTয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ পাঠ্যপুথিৰ পাঠ্যক্ৰম সংশোধন কৰি আছে । শেহতীয়াকৈ পৰিষদে ১৯ জনীয়া ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠদান শিক্ষণ সামগ্ৰী সমিতি (NSTC) গঠন কৰি এই শ্ৰেণীসমূহৰ বাবে পাঠ্যক্ৰম, পাঠ্যপুথি আৰু শিক্ষণ সামগ্ৰী চূড়ান্ত কৰে ।

আইজাকে কয় যে কমিটীয়ে সকলো বিষয়ৰ পাঠ্যক্ৰমত ভাৰতীয় জ্ঞান ব্যৱস্থা (IKS) প্ৰৱৰ্তনৰ পৰামৰ্শও আগবঢ়াইছে । এই সমিতিৰ আন সদস্যসকলৰ ভিতৰত আছে ICHR ৰ অধ্যক্ষ ৰঘুবেন্দ্ৰ তনৱাৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বন্দনা মিশ্ৰ, ডেক্কান কলেজ ডিমড ইউনিভাৰ্চিটিৰ প্ৰাক্তন উপাচাৰ্য বসন্ত সিন্দে আৰু হাৰিয়ানাৰ চৰকাৰী বিদ্যালয়ত সমাজবিজ্ঞানৰ অধ্যাপনা কৰা মমতা যাদৱ ।

লগতে পঢ়ক: Most expensive divorce: এখন ব্যয়বহুল বিবাহ-বিচ্ছেদ, 1 কোটি 11 হাজাৰ টকাত ভৰণ পোষণৰ মূল্য ধাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.