ETV Bharat / bharat

ৰাজস্থানত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী

author img

By

Published : Apr 2, 2021, 6:51 PM IST

গেংষ্টাৰ ডাউদ ইব্ৰাহীমৰ ড্ৰাগছ সাম্ৰাজ্য চলাই থকা ডেনিশ চিকনাক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰ' আৰু কোটা আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে । তেওঁৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।

ৰাজস্থানত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী
ৰাজস্থানত গ্ৰেপ্তাৰ ডাউদ ইব্ৰাহীমৰ সহযোগী

নেশ্যনেল ডেস্ক,২ এপ্ৰিল: নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰ'ৰ(এনচিবি) বৃহৎ সফলতা । গেংষ্টাৰ ডাউদ ইব্ৰাহীমৰ ড্ৰাগছ সাম্ৰাজ্য চলাই থকা ডেনিশ চিকনাক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে সংস্থাটোৱে । বৃহস্পতিবাৰে নিশা কোটা আৰক্ষীৰ সহযোগত কোটা জিলাৰ পৰা ডেনিশক গ্ৰেপ্তাৰ কৰা হয় ।

জানিব পৰা মতে মহাৰাষ্ট্ৰৰ দংৰি অঞ্চলত দীৰ্ঘদিন ধৰি ডাউদ ইব্ৰাহীমৰ ড্ৰাগছৰ সাম্ৰাজ্য পৰিচালনা কৰি আছিল ডেনিশে । আৰক্ষীয়ে জনোৱা মতে তেওঁৰ বাহনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় । ইফালে মুম্বাইৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ প্ৰায় ৬টাকৈ গোচৰৰ অভিযুক্ত ডেনিশ চিকনা ।

বৃহস্পতিবাৰে ডেনিশে ৰাজস্থানলৈ যোৱাৰ এক খবৰ লাভ কৰিছিল নাৰ্কোটিক্স কন্ট্ৰ'ল ব্যুৰ'ই আৰু তাৰ পিছতে কোটা আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডেনিশক । ইয়াৰ পিছতে এনচিবিয়ে সমগ্ৰ চহৰখনত থকা ড্ৰাগছ সৰবৰাহকাৰী, বিত্তীয় লেনদেন কৰোতা আৰু গ্ৰাউণ্ড পৰ্যায়ৰ সদস্যসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে

লগতে পঢ়ক:তামিলনাডু নিৰ্বাচনঃ সূতা-কম্বল নহয়, বিৰিয়ানীৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.