নিউজ ডেস্ক, ২ নৱেম্বৰ : ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন সমাগত । ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব । প্ৰথম পৰ্যায়ত নক্সাল প্ৰভাৱিত বস্তাৰ বিভাগৰ ১২ খন আসনতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । কিন্তু নিৰ্বাচনৰ পূৰ্বে নক্সালবাদীয়ে আতংক সৃষ্টি কৰিবলৈ নিৰন্তৰ হিংসাৰ আশ্ৰয় লৈছে ।
সোমবাৰে নিশা মাওবাদীয়ে কাঙ্কেৰৰ নাৰায়ণপুৰ সীমান্ত আৰু গড়চিৰোলী (এমএইচ) জিলাৰ ত্ৰিজংচনৰ ওচৰত তিনিজন লোকক হত্যা কৰে । আনহাতে, বিজাপুৰতো এজন গাঁওবাসীক হত্যা কৰা হয় ।
কাঙ্কেৰত তিনিজন গাঁওবাসী নিহত : কাঙ্কেৰত নিহত হোৱা আটাইকেইজন গাঁওবাসী মৰ্খান্দি গাঁৱৰ বাসিন্দা । এই মৰ্খান্দি গাঁওখন কাঙ্কেৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰৈত অৱস্থিত । মাওবাদীয়ে হত্যা কৰা লোককেইজনক কুল্লে কাটলামি (৩৫), মনোজ কোভাচি (২২) আৰু ডুগে কোভাচি (২৭) বুলি চিনাক্ত কৰা হৈছে ।
অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সমগ্ৰ বিষয়টো নিশ্চিত কৰা নাই । কিন্তু গাঁওবাসীয়ে নিহত গাঁওবাসীকেইজনৰ মৃতদেহ লৈ ছোটে বেতিয়া আৰক্ষী থানাত উপস্থিত হয় । কাঙ্কাৰৰ এছ পি দিব্যাং পেটেলে জনোৱা মতে, সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে ।
বিজাপুৰতো এজন গাঁওবাসীক হত্যা : আনহাতে, বিজাপুৰৰ গালগাম গাঁৱৰ মুচাকি লিঙ্গা নামৰ এজন ব্যক্তিকো ডিঙিত ৰছীৰে বান্ধি শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয় । হত্যাৰ পিছত মৃতদেহটো নাদপল্লী আৰু গালগাম গাঁৱৰ মাজত ৰাস্তাৰ কাষত পেলাই দিয়ে । জানিব পৰা মতে, নক্সালবাদীয়ে উক্ত ব্যক্তিকেইজনক আৰক্ষীৰ গুপ্তচৰ বুলি অভিযোগ কৰি হত্যা কৰিছে । বৰ্তমান সমগ্ৰ অঞ্চলটোত তীব্ৰ অনুসন্ধান অভিযান চলি আছে ।
লগতে পঢ়ক :Chhattisgarh election 2023 : নিৰ্বাচনৰ পূৰ্বে CRPFৰ বাহন তালাচী কৰিবলৈ আহ্বান ভূপেশ বাঘেলৰ