ETV Bharat / bharat

ছত্তীশগড়ত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ, নৱজাতকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 10:48 PM IST

Encounter in Bijapur : নতুন বছৰৰ প্ৰথম দিনাই ছত্তীশগড়ত নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ। বিজাপুৰত সংঘটিত হয় এই ঘটনা। গুলীচালনাত মৃত্যু হয় এটি ৬ মহীয়া শিশুৰ।

Encounter in Bijapur
নক্সালবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক, 1 জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতে ছত্তীশগড়ৰ বিজাপুৰত সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ চহৰখনৰ গংগালুৰ অঞ্চলত আৰক্ষী আৰু মাওবাদীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ ৷ এই সংঘৰ্ষত গুলীচালনা আৰু ক্ৰছ-ফায়াৰিঙত এটি 6 মহীয়া নৱজাতক কন্যা শিশুৰ মৃত্যু হয় ৷ ঘটনাটোত শিশুটিৰ মাতৃও আঘাতপ্ৰাপ্ত হয় ৷ গুলীচালনাত দুজন ডিআৰজিৰ সৈনিকো আহত হয় বুলি জানিব পৰা গৈছে ৷

সোমবাৰে সন্ধিয়াৰ ঘটনা : আৰক্ষী আৰু নক্সালবাদীৰ এই মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল বিজাপুৰৰ গংগালুৰৰ মুটাবন্দি গাঁৱত ৷ এই এনকাউণ্টাৰত আহত হয় দুজন ডিআৰজিৰ জোৱান ৷ আনহাতে নক্সালবাদীৰ ক্ৰছ ফায়াৰিঙত গাঁৱৰ এটি 6 মহীয়া কন্যা শিশুৰ মৃত্যু হয় ৷ শিশুটিৰ মাতৃগৰাকী হাতত গুলীবিদ্ধ হৈ আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ পিছতে গাঁওখনত নিৰাপত্তাৰক্ষীৰ এটা দল উপস্থিত হৈ ভুক্তভোগীৰ পৰিয়ালক সহায় কৰে ৷ মহিলাগৰাকী ওচৰৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

আহত দুজন ডি আৰ জি জোৱান: এই ঘটনাত আহত হয় দুজন ডিআৰজি জোৱান ৷ আহত জোৱানকেইজন বিজাপুৰৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ তালাচীৰ বাবে এটা নিৰাপত্তা বাহিনীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ৷ বাহিনীটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোত অব্যাহত আছে অনুসন্ধান অভিযান ৷ অনুসন্ধান অভিযানৰ পিছত পৰিস্থিতি অধিক স্পষ্ট হৈ পৰিব ৷

বহু নক্সালবাদীক গুলীয়াই হত্যা কৰাৰ দাবী : এই ঘটনাৰ পিছত নিৰাপত্তা বাহিনী আৰু বিজাপুৰ আৰক্ষীয়ে বহু নক্সালবাদীক গুলীয়াই হত্যা কৰা বুলি দাবী কৰিছে ৷ এই এনকাউণ্টাৰত ভৈৰামগড় আঞ্চলিক সমিতিৰ সম্পাদক চন্দ্ৰন্নাৰ লগতে ইয়াৰ বহু সদস্য আহত হয় ৷ কিন্তু কিমানজন মাওবাদী আহত হৈছে এই কথা প্ৰকাশ কৰা হোৱা নাই ৷ অঞ্চলটোত অনুসন্ধান চলি আছে ৷ এনকাউণ্টাৰৰ স্থানত ডিআৰজি আৰু চেণ্ট্ৰেল ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ লোকে অভিযান চলাই আছে ৷ ইয়াৰ পিছত এই এনকাউণ্টাৰৰ বিষয়ে ডাঙৰ খবৰ প্ৰকাশ হ’ব পাৰে ৷

লগতে পঢ়ক : পাৰিবাৰিক কাৰণত স্বামী আৰু বৰজনাকক হত্যা মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.