ETV Bharat / bharat

Road rage case : 34 বছৰ পুৰণি গোচৰত নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড

author img

By

Published : May 19, 2022, 3:36 PM IST

34 বছৰ পুৰণি এটা গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক(Navjot Singh Sidhu ) ৷ সবিশেষ জানো আহক ৷

navjot-singh-sidhu-to-get-arrested-for-years-old-road-rage-case
Road rage case : 34 বছৰ পুৰণি গোচৰত নৱজ্যোত সিং সিদ্ধুক এবছৰৰ কাৰাদণ্ড

নিউজ ডেস্ক, 19 মে’ : ৰোড ৰেজ গোচৰৰ বাবে পুনৰ এক বৃহৎ প্ৰত্যাহ্বানৰ সমুখীন হৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু (Navjot Singh Sidhu Road rage case) ৷ 34 বছৰ পুৰণি গোচৰটোৰ বাবে এতিয়া উচ্চতম ন্যায়ালয়ে তেওঁক এবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে (Navjot Singh Sidhu in trouble) ৷ উল্লেখ্য যে, এই গোচৰটো ১৯৮৮ চনতে সিদ্ধুৰ বিৰুদ্ধে উত্থাপিত হৈছিল ৷

য’ত সিদ্ধুৰ হাতত এজন বৃদ্ধ লোক নিহত হোৱাৰ অভিযোগ আছে (Murder allegation against Navjot Singh Sidhu) ৷ প্ৰথমে এই গোচৰৰ পৰা সকাহ পাইছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে ৷ অৱশ্যে, নিহত লোকজনৰ পৰিয়ালে গোচৰটোৰ পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিছিল । ইয়াৰ পিছত এতিয়া, এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰা হৈছে সিদ্ধুক ।

মন কৰিব লগীয়া যে, ৩৪ বছৰ আগতে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ৩২৩ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ জানিব পৰা মতে, এতিয়া পুনৰ পঞ্জাৱ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব নৱজ্যোত সিং সিদ্ধুক ৷

লগতে পঢ়ক : ভৰিত বোকা লাগিব: সাংবাদিকৰ পিঠিত উঠি বন্যাৰ্তৰ খবৰ ল’লে বিধায়ক শিবু মিশ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.