নিউজ ডেস্ক, 29 আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহ আৰু পৰম্পৰাগত খেলসমূহক সন্মান জনাই 29 আগষ্ট দিনটো সমগ্ৰ বিশ্বজুৰি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় । ভাৰতত কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি এই দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় । ধ্যান চান্দে ভাৰতৰ হৈ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছিল ।
![national sports day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12907253_khel.jpg)
ধ্যান চান্দ ভাৰতীয় আৰু বিশ্ব হকীৰ এজন কিংবদন্তি । হকীৰ ক্ষেত্ৰখনত ধ্যান চান্দৰ সমকক্ষ কোনো নাই । তেওঁ আন্তঃৰাষ্ট্ৰীয় হকীৰ ক্ষেত্ৰখনক নিজকে প্ৰতিষ্ঠিত কৰি দেশক কেইবাবাৰো সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰাইছিল । ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈকে তেওঁ সৰ্বমুঠ ৫৭০টা গ’ল কৰিছিল । তেওঁ সন্মান জনাই ২০১২ চনত প্ৰথমবাৰৰ বাবে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছিল ।
![national sports day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12907253_khel2.jpg)
১৯০৫ চনৰ ২৯ আগষ্টত উত্তৰ প্ৰদেশৰ এলাহাবাদৰ প্ৰয়াগৰাজত ধ্যান চান্দ ওৰফে ধ্যান সিঙে জন্মগ্ৰহণ কৰিছিল ৷ ব্ৰিটিছ ভাৰতীয় সেনাৰ ৰেজিমেন্ট দলৰ সৈতে হকী কেৰিয়াৰ আৰম্ভ কৰা ধ্যান সিঙে হকীৰ প্ৰতি নিজকে সমৰ্পণ কৰিছিল ।
![national sports day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12907253_khel3.jpg)
দিনটোৰ অধিকাংশ সময় ৰেজিমেন্টৰ কৰ্তব্যত কটোৱাৰ পাছত নিশা ধ্যান সিঙে জোনৰ পোহৰত হকীৰ অনুশীলন কৰিছিল ৷ যাৰবাবে তেওঁ ধ্যান চান্দ (চান্দ মানে হিন্দীত চন্দ্ৰ) নামটো অৰ্জন কৰিছিল । হকী কিংবদন্তী খেলুৱৈগৰাকীয়ে ১৯২৬ চনৰ পৰা ১৯৪৮ চনলৈ ভাৰতৰ হৈ ১৮৫ খন খেলত প্ৰতিনিধিত্ব কৰাৰ পিছত আৰু ৪০০ তকৈও অধিক গ'ল কৰাৰ পিছত সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ হকী খেলুৱৈ হিচাপে কেৰিয়াৰৰ সামৰণি মাৰে ।
![national sports day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12907253_khel4.jpg)
১৯৫৬ চনত তেওঁ ভাৰতীয় সেনাৰ পঞ্জাৱ ৰেজিমেণ্টৰ মেজৰ হিচাপে অৱসৰ লোৱাৰ সময়ত ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে ।
![national sports day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12907253_khe.jpg)
ক্ৰীড়াজগতৰ প্ৰতি ধ্যান চান্দে আগবঢ়োৱা অনবদ্য অৱদানক সুঁৱৰি আৰু টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ আৰু মহিলা হকী দলৰ প্ৰশংসনীয় প্ৰদর্শনৰ পাছত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান খেলৰত্ন বঁটাৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ পৰা সলনি কৰি হকীৰ কিংবদন্তি খেলুৱৈ ধ্যানচান্দৰ নামেৰে নামাকৰণ কৰে ৷
লগতে পঢ়ক : Tokyo Paralympics: হুইল চেয়াৰতে বহি ইতিহাস ৰচিলে ভৱিনাবেন পেটেলে