ETV Bharat / bharat

শনিবাৰে ত্ৰিপুৰাত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় লোক আদালত

author img

By

Published : May 12, 2022, 8:02 PM IST

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ অধীনত থকা জিলা আৰু উপ-বিভাগীয় আদালতত শনিবাৰে ত্ৰিপুৰা ৰাষ্ট্ৰীয় লোক আদালত আৰম্ভ হ'ব(National Lok Adalat to be started on Saturday) । আদালত সমূহত বিচাৰাধীন হৈ থকা গোচৰ সমূহ নিষ্পত্তিৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছ বুলি জনাই উৰ্ধতম কৰ্তৃপক্ষই ।

শনিবাৰে ত্ৰিপুৰাত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় লোক আদালত
শনিবাৰে ত্ৰিপুৰাত আৰম্ভ হ'ব ৰাষ্ট্ৰীয় লোক আদালত

আগৰতলা,১২ মে': ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ভিতৰত সকলো জিলা আৰু উপ-বিভাগীয় আদালতত শনিবাৰে ত্ৰিপুৰাত ৰাষ্ট্ৰীয় লোক আদালত আৰম্ভ হ'ব(National Lok Adalat to be started on Saturday) । ত্ৰিপুৰা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিব(Tripura State Legal Services Authority) সঞ্জয় ভট্টাচাৰ্যই কয় যে, শনিবাৰে ৰাষ্ট্ৰীয় লোক আদালতত ৫৪ খন বিচাৰপীঠত মুঠ ৫,৯৯৩ টা গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব । দীৰ্ঘদিনে বিচাৰাধীন হৈ থকা গোচৰসমূহ নিষ্পত্তিৰ উদ্দেশ্যেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে (Disposing of pending cases) ।

এই ৫,৯৯৩ টা গোচৰৰ ভিতৰত, ৫২৩৬ টা গোচৰ পূৰ্বৰ বিবাদৰ সৈতে সম্পৰ্কিত আৰু ৭৫৭ টা গোচৰ অন্যান্য আদালতত বিচাৰাধীন হৈ আছে । বেঙ্কৰ ঋণ পৰিশোধ সম্পৰ্কীয় ৪,৭৩৬ টা গোচৰ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ সম্পৰ্কীয় ১৬২ টা গোচৰ, শ্ৰমিক বিবাদ সম্পৰ্কীয় ১ টা গোচৰ বিচাৰাধীন হৈ থকাৰ কথা উল্লেখ কৰে । লগতে টেলিকম নিগমৰ অপৰিশোধিত বিল সম্পৰ্কীয় ৫০০ টা গোচৰ ,অপৰাধমূলক বিবাদৰ সৈতে সম্পৰ্কিত ২৯৮ টা গোচৰ, বৈবাহিক বিবাদ সম্পৰ্কীয় ১২১ টা গোচৰ বিচাৰাধীন হৈ আছে ।

ইফালে বাউন্স(NI Act)ৰ পৰীক্ষা সম্পৰ্কীয় ১২০ টা গোচৰ, অন্যান্য অসামৰিক গোচৰৰ সৈতে সম্পৰ্কিত ৫১ টা গোচৰ আৰু অপৰাধমূলক আপীল সম্পৰ্কীয় ৪ টা গোচৰ নিষ্পত্তিৰ বাবে শুনানি গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে সচিবগৰাকীয়ে । তেওঁ লগতে উল্লেখ কৰে যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত এখন বিচাৰপীঠ বহিব । নিষ্পত্তিৰ বাবে এই বিচাৰপীঠত ৩০ টা গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব । ইতিমধ্যে গোচৰটোৰে জড়িত দুয়োপক্ষলৈ জাননী জাৰি কৰা হৈছে ।

সমান্তৰালভাৱে নাগৰিকসকলক সহায় কৰিবলৈ আদালতৰ চৌহদত এখন হেল্প ডেস্ক থাকিব । পেৰালিগাল স্বেচ্ছাসেৱকসকলে আদালতত জাননী দিয়া লোকসকলক সহায় কৰাৰ কথাও উল্লেখ কৰে ত্ৰিপুৰাৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সদস্য সচিব সঞ্জয় ভট্টাচাৰ্যই ।

লগতে পঢ়ক: Landslide disrupts train services in Dima Hasao : শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.