ETV Bharat / bharat

দৰভাংগা বিস্ফোৰণত জড়িত দুই ভাতৃক গ্ৰেপ্তাৰ

দাৰভাংগা বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা( Lashkar-e-Taiba) ৰ ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিলে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ই । চলিত মাহৰ আৰম্ভণিতে বিহাৰৰ দাৰভাংগা ৰে'ল ষ্টেচনত সংঘটিত হৈছিল এক বিস্ফোৰণ । ধৃত সন্ত্ৰাসবাদী দুটা ইমৰাণ মালিক আৰু মহম্মদ নাছিৰ খান ।

author img

By

Published : Jul 1, 2021, 4:44 PM IST

National Investigation Agency arrested two Lashkar e Taiba terrorists
দাৰভাংগা বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিলে NIAই

নেশ্যনেল ডেস্ক, ১ জুলাই : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ৰ জালত পৰিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা( Lashkar-e-Taiba)ৰ দুটা সন্ত্ৰাসবাদী । দাৰভাংগা ৰে'ল ষ্টেচনত সংঘটিত হোৱা বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত বুধবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । চৰকাৰী বিজ্ঞপ্তি অনুসৰি, বুধবাৰে তদন্তকাৰী সংস্থাটোৰ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে ইমৰাণ মালিক আৰু মহম্মদ নাছিৰ খান নামৰ সন্ত্ৰাসবাদী দুটাক গ্ৰেপ্তাৰ কৰে নিয়াই ।

উল্লেখ্য যে, যোৱা ১৭ জুনত দাৰভাংগা ৰে'ল ষ্টেচনৰ ১ নং প্লেটফৰ্মত এটা পাৰ্চেলত ৰখা বোমা বিস্ফোৰিত হয় । উক্ত দিনাই ৰে'ল আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হয় । উক্ত পাৰ্চেলটো ছেকেন্দ্ৰাবাদত বুক কৰি ছেকেন্দ্ৰাবাদ-দাৰভাংগা এক্সপ্ৰেছেৰে অনা হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গোচৰটো পুনৰ পঞ্জীয়ন কৰি তদন্তৰ দায়িত্ব লয় ।

ঘটনাস্থলী পৰিদৰ্শন আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে ৷ যোৱা ৩০ জুনত হায়দৰাবাদৰ পৰা ইমৰাণ মালিক আৰু মহম্মদ নাছিৰ খানক গ্ৰেপ্তাৰ কৰা কৰে । তদন্তকাৰী সংস্থাটোৰ মতে, ধৃত সন্ত্ৰাসবাদী দুটাই স্বীকাৰ কৰিছে যে ভাৰতৰ বিভিন্ন স্থানত সাধাৰণ লোকক হত্যা কৰি দেশৰ মূল্যৱান সম্পত্তি ক্ষতিসাধন কৰিবলৈ লস্কৰ-ই-তৈবা( Lashkar-e-Taiba)ৰ শীৰ্ষ কমাণ্ডাৰসকলে এক ষড়যন্ত্ৰ ৰচনা কৰিছে ।

সন্ত্ৰাসবাদী সংগঠনটোৰ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদীৰ নিৰ্দেশমৰ্মেই অভিযুক্ত মহম্মদ নাছিৰ খান আৰু তেওঁৰ ভাতৃ ইমৰাণ মালিকে এটা IED প্ৰস্তুত কৰিছিল । IED-টো কাপোৰৰ থকা পাৰ্চেলত লুকুৱাই ৰখা হৈছিল । ছেকেন্দ্ৰাবাদৰ পৰা দাৰভাংগালৈ ৰে'লেৰে আই ই ডিটো অনাৰ উদ্দেশ্য আছিল এখন চলন্ত যাত্ৰীবাহী ৰে'লত বিস্ফোৰণ সংঘটিত কৰা ৷

তদন্তকাৰী সংস্থাটোৱে বিজ্ঞপ্তিটোত উল্লেখ কৰিছে যে, ধৃত মহম্মদ নাছিৰ খানে ২০১২ চনত পাকিস্তানলৈ গৈছিল ৷ তাতে লস্কৰ-ই-তৈবাৰ প্ৰশিক্ষণ কেন্দ্ৰত স্থানীয়ভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থৰ পৰা আই ই ডি নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল । ইয়াৰ পাছত পাকিস্তানী সন্ত্ৰাসবাদীৰে যোগাযোগ ৰক্ষা কৰিছিল দুই ভাতৃয়ে ৷ ধৃত দুই সন্ত্ৰাসবাদীক বৃহস্পতিবাৰে পাটনাত NIA ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ কৃষিখণ্ডলৈ ড্ৰেগন ফলে আনিছে উল্লেখযোগ্য পৰিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.