ETV Bharat / bharat

National Herald Case: দিল্লীৰ হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়ত ইডিৰ অভিযান - কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী

প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে দিল্লী আৰু অন্যান্য ঠাইত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল (ED raids Herald newspaper office in Delhi) ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক ইডিয়ে জেৰা কৰাৰ কেইদিনমান পিছত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়তো তালাচী চলায় ইডিয়ে ৷

National Herald Case
দিল্লীৰ হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়ত ইডিৰ অভিযান
author img

By

Published : Aug 2, 2022, 1:50 PM IST

নেশ্যনেল ডেস্ক, 2 আগষ্ট: দেশজুৰি নেশ্যনেল হেৰাল্ডৰ বিতৰ্কই কঁপাইছে একাংশ বৰমুৰীয়াক (National Herald Case) ৷ ইতিমধ্যে প্ৰৱৰ্তন সঞ্চালকালয়ে মঙলবাৰে দিল্লী আৰু অন্যান্য ঠাইত নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল (ED raids Herald newspaper office in Delhi) ৷ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীক ইডিয়ে জেৰা কৰাৰ কেইদিনমান পিছত কংগ্ৰেছৰ মালিকানাধীন নেচনেল হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়তো তালাচী চলায় ইডিয়ে ৷

নেশ্যনেল হেৰাল্ডৰ বিতৰ্কৰ গোচৰ ৰজু ড॰ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে ২০১২ চনত বিজেপিৰ নেতা তথা বিশিষ্ট অধিবক্তা সুব্ৰমণিয়াম স্বামীয়ে ইয়ং ইণ্ডিয়ান লিমিটেডে এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডক অধিগ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰৱঞ্চনা আৰু বিশ্বাস ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি আদালতত অভিযোগ দাখিল কৰে ৷ তেওঁ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মতিলাল ভোৰা, অস্কাৰ ফাৰ্নাণ্ডেজ, সাংবাদিক সুমন ডুবে আৰু ছেম পিট্ৰ’ডাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷

শেহতীয়াকৈ নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ে চমন জাৰি কৰিছিল ৷ ইডিয়ে পূৰ্বে জাৰি কৰা এখন চমনত ৰাহুল গান্ধীক ২ জুনত ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৷

ইয়াৰ পিছতে যোৱা 13 জুনত পুৱা 11 বজাত ED কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী ( Congress leader Rahul Gandhi arrives at ED office) ৷ আনহাতে কংগ্ৰেছী নেত্ৰী ছোনিয়া গান্ধীও ইতিমধ্যে এই গোচৰত ইডি ৰ কাৰ্যালয়ত দুবাৰকৈ উপস্থিত হয় ৷

লগতে পঢ়ক: "মই সাভাৰকাৰ নহয়, মই ৰাহুল গান্ধী": ED কাৰ্যালয়ত উপস্থিত ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.