নেশ্যনেল ডেস্ক,৭ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কয় যে ভাৰতৰ বিভিন্ন হস্ততাঁতসমূহে দেশৰ বৈচিত্ৰ্যৰ উদাহৰণ দাঙি ধৰিছে । দেশখনে এই মুহূৰ্তত 'স্বদেশী'ৰ ব্যৱহাৰেৰে এক নতুন বিপ্লৱৰ সাক্ষী হৈ ৰৈছে । ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কাৰ্যসূচীত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীয়ে কয় যে 'ভোকেল ফৰ লোকেল' শ্ল'গান দেশত এক গণ আন্দোলনত পৰিণত হৈছে ।
বিৰোধী মিত্ৰজোঁট 'INDIA'ক প্ৰত্যাহ্বান জনাই মোদীয়ে কয় যে দেশখনে এতিয়া দুৰ্নীতি, ৰাজবংশীয় ৰাজনীতি আৰু তোষণৰ দৰে ৰোগক "ভাৰত ত্যাগ" কৰিবলৈ বিচাৰিছে । তেওঁ কয় যে কিছুমান লোকে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে ।
প্ৰধানমন্ত্ৰীয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তালিকা উল্লেখ কৰি কয় যে শিপিনীসকলক নতুন ডিজাইন সৃষ্টিৰ বাবে আধুনিক প্ৰযুক্তি প্ৰদান কৰা হৈছে আৰু তেওঁলোকক ৰাজসাহায্যযুক্ত সূতা প্ৰদান কৰা হৈছে । চৰকাৰে হস্ততাঁত সামগ্ৰীৰ বিপণন সম্পৰ্কীয় সমস্যা সমাধানৰ ওপৰত এক নতুন গুৰুত্ব দি আহিছে । তেওঁ নাগৰিকসকলক আগন্তুক উৎসৱৰ সময়ত স্থানীয় সামগ্ৰীসমূহক ক্ৰয়ৰ ক্ষেত্ৰত অধিক জোৰ দিবলৈ আহ্বান জনায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দেশখনত 'নৱ-মধ্যবিত্ত শ্ৰেণী'ৰ উত্থান ঘটিছে । যিয়ে বস্ত্ৰ কোম্পানীসমূহক এক বৃহৎ সুযোগ প্ৰদান কৰিছে । দেশত খাদীৰ বৰ্ধিত ব্যৱহাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিক্ৰী এতিয়া ২০১৪ চনৰ পূৰ্বে প্ৰায় ২৫,০০০-৩০,০০০ কোটি টকা আছিল এতিয়া ই ১.৩০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । তেওঁ কয় যে ভাৰতৰ হস্ততাঁত, খাদী, বস্ত্ৰ খণ্ডক বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তোলাটো চৰকাৰৰ প্ৰয়াস ।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে 'এক জিলা, এক সামগ্ৰী' উদ্যোগৰ জৰিয়তে বিভিন্ন জিলাত তৈয়াৰ কৰা অনন্য সামগ্ৰীৰ প্ৰচাৰ কৰা হৈছে আৰু সমগ্ৰ দেশৰ গুজৰাটৰ 'ষ্টেচু অৱ ইউনিটি'ৰ দৰে 'একতা মল' স্থাপন কৰা হৈছে । মোদীয়ে বস্ত্ৰ আৰু ফেশ্বন উদ্যোগক তেওঁলোকৰ পৰিসৰ সম্প্ৰসাৰিত কৰিবলৈ আৰু ভাৰতক বিশ্বৰ ৩ টা শীৰ্ষ অৰ্থনীতিলৈ পৰিৱৰ্তন কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় ।