ETV Bharat / bharat

'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ শুভেচ্ছাবাণী - ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা মহিলাসকলক টুইটযোগে শুভেচ্ছা জনাই । কন্যা সন্তানক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ব্য়ক্ত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

'ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস'ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ শুভেচ্ছাবাণী

author img

By

Published : Jan 24, 2021, 2:02 PM IST

নিউজ ডেস্ক , ২৪ জানুৱাৰী : দেওবাৰে দেশজুৰি পালন কৰা হৈছে 'ৰাষ্ট্ৰীয় কন্য়া শিশু দিৱস' । কন্য়া সন্তাৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ লগতে কন্য়া সন্তানৰ মূল্য় আৰু সন্মানৰ উদ্দেশ্য়ে ২০০৮ চনৰ পৰা প্ৰতিবছৰে ২৪ জানুৱাৰীৰ দিনটো 'কন্য়া শিশু দিৱস' হিচাপে পালন কৰাৰ ঘোষণা কৰিছিল চৰকাৰে । এইবছৰো 'ৰাষ্ট্ৰীয় কন্য়া শিশু দিৱস'ৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তত ভাৰত চৰকাৰে 'বেটি বচাও, বেটি পঢ়াও' আঁচনিৰ অধীনত সজাগতা অভিযানৰ আয়োজন কৰিছে ।

এই বিশেষ দিনটোত কন্য়া শিশুৰ সবলীকৰণ আৰু কন্য়া শিশুক সুবিধা প্ৰদানেৰে বিশেষ মৰ্যাদা দিয়া ব্য়ক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । দেশৰ কন্য়া শিশুক "দেশ কি বেটি" বুলি সম্বোধন কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ লাভ কৰা সাফল্য়ক শুভেচ্ছা আৰু অভিবাদন জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনোৱাৰ লগতে কয় যে কন্য়াৰ সবলীকৰণৰ উদ্দেশ্য়ে শিক্ষা, উন্নত স্বাস্থ্য়সেৱা আৰু লিংগ সংবেদনশীলতা উন্নত কৰা আদি বিভিন্ন পদক্ষেপ ইতিমধ্য়ে গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

লগতে পঢ়ক :টাইৱানৰ ওপৰত হেঁচা বন্ধ কৰিবলৈ চীনক অনুৰোধ আমেৰিকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.