ETV Bharat / bharat

National Education Day 2023 : আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস, ইয়াৰ গুৰুত্ব

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 2:33 PM IST

স্বাধীনতাৰ পাছত দেশত শিক্ষা আৰু শিক্ষানুষ্ঠান স্থাপন কৰাটো বৃহৎ প্ৰত্যাহ্বান আছিল । স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । যাৰ বাবে তেওঁ জন্মদিনটো ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় ।

National Education Day 2023
আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : মানৱ বিকাশৰ ক্ষেত্ৰত শিক্ষা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক । দেশৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদে স্বাধীনতাৰ পাছত ভাৰতৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । বিশেষকৈ, উন্নত শিক্ষা আৰু প্ৰয়োজনীয় শৈক্ষিক নীতি আৰু বিশ্বমানৰ শৈক্ষিক প্ৰতিষ্ঠান স্থাপনত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ । আজি মৌলানা আবুল কালাম আজাদৰ জন্ম জয়ন্তী । ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি থকা অৱদানৰ বাবে তেওঁৰ জন্মদিনটো প্ৰতি বছৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় ।

National Education Day 2023
আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

শিক্ষা কি সেই বিষয়ে পণ্ডিতসকলৰ ভিন্ন মতামত আছে । সাধাৰণতে, শিক্ষা হৈছে ব্যক্তিসকলক জ্ঞানৰ দ্বাৰা শক্তিশালী কৰাৰ প্ৰক্ৰিয়া । এইটো বিভিন্ন ধৰণে শিকাৰ বিকাশৰ প্ৰক্ৰিয়া । শিক্ষকসকলৰ পৰা শিকিবলৈ আনুষ্ঠানিক বিদ্যালয়লৈ যোৱাটো শিক্ষাৰ আটাইতকৈ সাধাৰণ প্ৰকাৰবোৰৰ ভিতৰত অন্যতম । কিন্তু শিক্ষাৰ অৰ্থ কেৱল বিদ্যালয়লৈ যোৱাই নহয় ।

National Education Day 2023
আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

বৃহত্তৰ পৰিসৰত শিক্ষা হৈছে আৱিষ্কাৰ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ প্ৰক্ৰিয়া । জন্মৰ পৰাই মানুহে শিকিবলৈ আৰম্ভ কৰে । কেতিয়াবা এয়া কাকতালীয় হয়, কেতিয়াবা ই অনিচ্ছাকৃত হয় । শিক্ষা হৈছে শিকা, মূল্যবোধ, সামৰ্থ্য, অভ্যাস আৰু বিশ্বাসৰ এক সামগ্ৰিক বৈজ্ঞানিক প্ৰক্ৰিয়া ।

  • Woh Koun Tha | Short Story | Dr. Naima Jafri Pasha | Short Story Writer | Urdu Nama | Ep-86 | IMC MANU https://t.co/OMdcdZuZcj

    — Maulana Azad National Urdu University (@officialmanuu) November 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  • Prof. Dinesh Singh, Vice Chairman, Jammu & Kashmir Higher Education Council delivering his address on "Building a Knowledge Economy:Lessons from India's History" on the occasion of National Education Day 2023 pic.twitter.com/AUvCzQzVfT

    — IGNOU (@OfficialIGNOU) November 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মৌলানা আবুল কালাম আজাদ কোন আছিল ?

1. মৌলানা আবুল কালাম আজাদৰ জন্ম ১৮৮৮ চনৰ ১১ নৱেম্বৰত চৌদি আৰৱৰ মক্কাত হৈছিল ।

2. তেওঁৰ সম্পূৰ্ণ নাম মৌলানা চৈয়দ আবুল কালাম গোলাম মুহিয়ুদ্দিন বিন খাইৰুদ্দিন আল-হুছেইন আজাদ ।

3. তেওঁ এগৰাকী পণ্ডিত, ৰাজনীতিবিদ আৰু কৰ্মী আৰু তেতিয়াৰ কংগ্ৰেছ দলৰ নেতা আছিল । তেওঁ এঘাৰ বছৰ ধৰি শিক্ষা মন্ত্ৰী আছিল ।

4. তেওঁ ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী আছিল । ১৯৪৭ চনৰ পৰা ১৯৫৮ চনৰ ভিতৰত তেওঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত আছিল ।

5. তেওঁ ভাৰতত আইআইটি, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, ইউজিচিৰ দৰে প্ৰতিষ্ঠান স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰতিষ্ঠাপকো আছিল ।

6. আজাদ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল যিয়ে খিলাফত আন্দোলনৰ গুৰি ধৰিছিল আৰু অসহযোগ আন্দোলনতো সহায় কৰিছিল ।

7. ১৯১২ চনত তেওঁ 'আল-হিলাল' নামৰ এখন সাপ্তাহিক উৰ্দু বাতৰি কাকত আৰম্ভ কৰিছিল ।

8. মৌলানা আজাদে গান্ধীবাদী দৰ্শনত বিশ্বাস কৰিছিল । তেওঁ ১৯২৩ চনৰ পৰা ১৯৪০ চনলৈ আৰু পুনৰ ১৯৪০ চনৰ পৰা ১৯৪৫ চনলৈ কংগ্ৰেছ দলৰ সভাপতি আছিল ।

9. মৌলানাই বহুতো গ্ৰন্থ লিখিছিল । তাৰ ভিতৰত আছে ইণ্ডিয়া উইনছ ফ্ৰীডম আৰু গুবাৰ-ই-খাতিৰ অন্যতম ।

10. মৌলানা আজাদৰ ইংৰাজী, উৰ্দু, পাৰ্চী, আৰবী আৰু হিন্দী ভাষাত বিশেষ দখল আছিল ।

11. ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ।

12. মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০০৮ চনৰ ১১ ছেপ্টেম্বৰত ঘোষণা কৰিছিল যে তেওঁৰ জন্মদিনৰ দিনটো অৰ্থাৎ ১১ নৱেম্বৰক ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰা হ'ব ।

13. তেওঁৰ কাৰ্যকালত শিক্ষা আৰু সংস্কৃতিৰ উদগনিৰ বাবে সংগীত নাটক একাডেমী, সাহিত্য অকাডেমি আৰু ললিত কলা একাডেমী স্থাপন কৰা হৈছিল ।

  • To commemorate the birth anniversary of India's first Education Minister Maulana Abul Kalam Azad, IIT Bombay celebrated National Education Day today.

    Our heartiest congratulations to the awardees. pic.twitter.com/BwMrMTNrYU

    — IIT Bombay (@iitbombay) November 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সমাজখনক সলনি কৰাত শিক্ষাৰ ভূমিকা

1. জ্ঞান প্ৰদান কৰা

2. অপৰাধৰ বিৰুদ্ধে সুৰক্ষা

3. মহিলা সৱলীকৰণ

4. দৰিদ্ৰতা আঁতৰোৱা

5. যুদ্ধ আৰু অপৰাধ প্ৰতিৰোধ কৰা

6. আইন আৰু শৃংখলা বজাই ৰাখিব

7. এখন দেশৰ সামগ্ৰিক বিকাশত সহায় কৰা

ভাৰতত বৰ্তমান শিক্ষাৰ অৱস্থা

ভাৰতীয় স্কুলীয়া শিক্ষা ব্যৱস্থাত ১.৫ নিযুত বিদ্যালয়, ২৬.৫ কোটি শিক্ষাৰ্থী আৰু ৯.৫ নিযুত শিক্ষক আছে । উচ্চ শিক্ষা পৰ্যায়ত, প্ৰায় ৪৩,৭৯৬ খন মহাবিদ্যালয়, ১,১১৩ খন বিশ্ববিদ্যালয় আৰু ১১,২৯৬ খন ব্যক্তিগত প্ৰতিষ্ঠান, ১৫.৫ লাখ শিক্ষক আৰু ৪.১৪ কোটি শিক্ষাৰ্থী আছে ।

  • My tributes to Bharat Ratna Maulana Abul Kalam Azad ji on his birth anniversary today.

    As we celebrate National Education Day today, let's celebrate the power of knowledge and the transformative impact of education. Together, let's empower minds, build futures, and ensure… pic.twitter.com/GYXjJkQDql

    — Rajeev Chandrasekhar 🇮🇳 (@Rajeev_GoI) November 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

২০১১ চনৰ লোকপিয়ল অনুসৰি, ভাৰতত সাক্ষৰতাৰ হাৰ ৭৪.০৪ শতাংশ, ২০০১ চনৰ তুলনাত ১৪ শতাংশ বৃদ্ধি হৈছে । আনহাতে যোৱা দশকত গ্ৰামাঞ্চলত মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক ২৬ শতাংশ বৃদ্ধি হৈছে । ২০১১ চনৰ লোকপিয়ল অনুসৰি, মহিলাৰ সাক্ষৰতাৰ হাৰ ৬৫.৪৬ শতাংশ আনহাতে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮০ শতাংশতকৈ অধিক ।

ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য হৈছে কেৰালা । শীৰ্ষ স্থানত থকা অন্যান্য ৰাজ্য হৈছে দিল্লী, মহাৰাষ্ট্ৰ আৰু তামিলনাডু ।

প্ৰাথমিক পৰ্যায়ত মুঠ নামভৰ্তি অনুপাত (জিইআৰ) ২০১৮-১৯ বৰ্ষত ১০১.৩ শতাংশৰ পৰা ২০২১-২২ বৰ্ষত ১০৪.৮ শতাংশলৈ বৃদ্ধি হৈছে । ২০২১-২২ বৰ্ষত উচ্চ প্ৰাথমিকৰ বাবে জিইআৰ হৈছে ৯৪.৭ শতাংশ । ২০১৮-১৯ বৰ্ষত ই আছিল ৮৭.৭৪ শতাংশ । মাধ্যমিক পৰ্যায়ত জিইআৰ ২০১৮-১৯ বৰ্ষত ৭৬.৯ শতাংশৰ পৰা ২০২১-২২ বৰ্ষত ৭৯.৬ শতাংশলৈ বৃদ্ধি হৈছে । উচ্চতৰ মাধ্যমিক পৰ্যায়ত জিইআৰৰ উন্নতি দেখা গৈছে কিয়নো ই ২০১৮-১৯ বৰ্ষত ৫০.১৪ শতাংশৰ পৰা ২০২১-২২ বৰ্ষত ৫৭.৬ শতাংশলৈ বৃদ্ধি হৈছে ।

২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত মুঠ শিক্ষকৰ সংখ্যা ১.৯৫ শতাংশ হ্ৰাস পাইছে ।

UDISE+ 2021-22 তথ্য অনুসৰি ভাৰতৰ বিদ্যালয়সমূহত সামগ্ৰিক ড্ৰপ আউটৰ হাৰ ১.৫ শতাংশ, পূৰ্বৰ বছৰৰ ১.৮ শতাংশতকৈ ই কিছু কম । মাধ্যমিক স্তৰত গড় ড্ৰপআউটৰ হাৰ হৈছে ১২.৬ শতাংশ ।

যদিও শিক্ষাৰ ওপৰত মুঠ ৰাজহুৱা ব্যয় হিচাপে জিডিপিৰ (কেন্দ্ৰ আৰু ৰাজ্যৰ ৬ শতাংশ) চাহিদা আছে । ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০কে ধৰি প্ৰতিটো নীতি দস্তাবেজত এই কথা পুনৰাবৃত্তি কৰা হৈছে । শিক্ষা মন্ত্ৰীৰ অৱদান জিডিপিৰ ০.৩৭ শতাংশৰ সমান । শিক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ব্যয় হৈছে কেন্দ্ৰীয় বাজেটৰ ২.৭ শতাংশ ।

শেহতীয়া বছৰবোৰত, ভাৰতে এডটেক সমাধানৰ সৈতে শিক্ষা খণ্ডত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিছে । ক'ভিড-১৯ মহামাৰীয়ে এই পৰিৱৰ্তন ত্বৰান্বিত কৰিছে আৰু বিদ্যালয়বোৰে এতিয়া ডিজিটেল শিক্ষা আৰু এআই-আধাৰিত শিক্ষণ সঁজুলিবোৰ ক্ৰমান্বয়ে গ্ৰহণ কৰি আছে ।

মৌলানা আবুল কালাম আজাদৰ নামেৰে নামাকৰণ কৰা প্ৰতিষ্ঠান :

1. মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়, নতুন দিল্লী

2. মৌলানা আজাদ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ভূপাল

3. মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়, হায়দৰাবাদ

4. মৌলানা আবুল কালাম আজাদ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, কলকাতা

5. কেন্দ্ৰীয় (সংখ্যালঘু) বিশ্ববিদ্যালয়, নতুন দিল্লী

6. আলিগড় মুছলিম বিশ্ববিদ্যালয়ত মৌলানা আজাদ পুথিভঁৰাল, যি এছিয়াৰ বিশ্ববিদ্যালয়ৰ সৰ্ববৃহৎ পুথিভঁৰাল

7. মৌলানা আজাদ ষ্টেডিয়াম, জম্মু

লগতে পঢ়ক :Diwali 2023: দীপাৱলীৰ সময়ত কিয় কৰা হয় লক্ষ্মী দেৱীৰ পূজা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.