ETV Bharat / bharat

National Dentist Day 2023: বৃদ্ধাৱস্থালৈকে দাঁত মজবুত কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম - চিপছ

কেৱল শৈশৱতে নহয় বৃদ্ধ বয়সতো যদি আপুনি দাঁত মজবুত কৰি ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে নিয়মিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে খাদ্যত সাৱধানতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয় । জানি লওক আপোনাৰ দাঁত মজবুত কৰিব ৰাখিবলৈ কোনবোৰ সামগ্ৰী পৰিহাৰ কৰা উচিত ৷

National Dentist Day 2023 To avoid problems related to teeth make distance from these things today itself
বৃদ্ধাৱস্থালৈকে দাঁতক সুস্থ কৰি ৰাখিব বিচাৰিছে নেকি ? তেন্তে কৰক এই কাম
author img

By

Published : Mar 6, 2023, 12:27 PM IST

দাঁতৰ পোক, দাঁতৰ গুড়িৰ বিষ, দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, এই সমস্যামূহক সৰু সৰু সমস্যা বুলি জ্ঞান কৰাটো উচিত নহয় কাৰণ এইসমূহে আপোনাৰ দাঁতবোৰ আৰু অধিক দুৰ্বল কৰি তোলে (National Dentist Day 2023)। ৬ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত দাঁতৰ পোক আৰু দাঁতৰ ক্ষয় হোৱাটো তেনেই সাধাৰণ (Teeth care Tips)। যিটো দাঁতত বেক্টেৰিয়া জমা হোৱাৰ ফলত হয় (National Dentist Day in India)।

গতিকে বৃদ্ধ বয়সতো দাঁতবোৰ মজবুত কৰি ৰাখিবলৈ খাদ্যত কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগে । লগতে এচিডিক খাদ্য সামগ্ৰী আৰু শীতল পানীয় খোৱাৰ পৰা বিৰত থকাটো । ইয়াৰ উপৰিও ৰাতিপুৱা সাৰ পোৱাৰ পিচতেই নহয় ৰাতি শোৱাৰ আগতেও দাঁত পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয় (What day is teeth day?)। গতিকে কোনবোৰ খাদ্য সামগ্ৰীয়ে দাঁতৰ বহু ক্ষতি কৰে, এবাৰ চাওঁ আহক-

সুৰা

মদ্যপানৰ বাবে মুখখন শুকান অনুভৱ হয় । যাৰ বাবে লেলাউটি কমকৈ উৎপন্ন হয় । লেলাউটিয়ে কেৱল দাঁত সুস্থ কৰি ৰখাই নহয়, খাদ্য দাঁতত লাগি ধৰাটো বাধা দিয়ে । তদুপৰি দাঁতৰ ক্ষয়, আঁঠুৰ ৰোগ আৰু আন বহুতো মুখৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণ নিৰাময়তো ই সহায়ক । গতিকে মুখ শুকান হোৱা যিকোনো খাদ্য খোৱাৰ পৰা বিৰত থাকক । ইয়াৰ ভিতৰত সুৰাৰ উপৰিও প্ৰচুৰ পৰিমাণে চাহ-কফি সেৱন কৰা হয় ।

টেঙা-মিঠা চকলেট

কেৱল শিশুৱেই মিঠাইৰ প্ৰতি আকৰ্ষিত নহয়, প্ৰাপ্তবয়স্কসকলেও ইয়াৰ সোৱাদ ল'বলৈ ভাল পায় । মিঠা চকলেট দাঁতৰ বাবে ক্ষতিকাৰক যদিও টেঙা চকলেটত বহু প্ৰকাৰৰ এচিড থাকে । যিবোৰ বহুসময়লৈকে দাঁতত লাগি থাকে । ইয়াৰ বাবেই দাঁত ক্ষয় হোৱাৰ সম্ভাৱনা বাঢ়ি যায় । গতিকে যদি চকলেট খাবলৈ মন যায় তেন্তে টেঙা-মিঠা চকলেটৰ সলনি চকলেটৰ সৰু টুকুৰা এটা খোৱাই ভাল ।

চিপছ

আলুৰ চিপছ কেৱল পেটৰ বাবেই নহয় দাঁতৰ বাবেও অতি অপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ষ্টাৰচ থাকে । ষ্টাৰচবোৰ বেক্টেৰিয়াৰ বাবে খাদ্য হৈ পৰে । যিয়ে আপোনাৰ দাঁতৰ ক্ষতি কৰে । ইয়াৰ ফলত দাঁতবোৰ দুৰ্বল হৈ পৰে আৰু লগতে পচিবলৈ আৰম্ভ কৰে । গতিকে চিপচ খোৱাৰ পৰা বিৰত থাকক আৰু যদি কেতিয়াবা খায়, তেন্তে তাৰ পিছত গাৰ্গল কৰক ।

বগা ৰুটি

বগা ৰুটিও দাঁতৰ বাবে বেয়া । ৰুটি খোৱাৰ লগে লগে লেলাউটিয়ে ষ্টাৰচ ভাঙি চেনিলৈ পৰিণত হ’বলৈ আৰম্ভ কৰে । আঠাযুক্ত পদাৰ্থলৈ পৰিণত হোৱা ৰুটি দাঁতৰ মাজত আৱদ্ধ হৈ পৰে । ইয়াৰ বাবেই দাঁতৰ যথেষ্ট ক্ষতি হয় ।

কাৰ্বনেটেড পানীয়

শীতল পানীয় সামগ্ৰিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । শীতল পানীয়ত প্ৰচুৰ পৰিমাণে চেনি থাকে । ইয়াৰ উপৰিও ইহঁত কাৰ্বনেটেড পানীৰ পৰা তৈয়াৰ কৰা হয়, যাৰ বাবে ইহঁতত এচিডৰ পৰিমাণো বেছি । যিয়ে দাঁত আৰু দাঁতৰ গুড়ি দুৰ্বল কৰি তোলাৰ কাম কৰে ।

লগতে পঢ়ক: Health Tips: পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ কোনবোৰ খাদ্য গ্ৰহণ তথা পৰিহাৰ কৰা উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.