ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন - national defence college

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ ৷ হিৰক জয়ন্তী উপলক্ষে দুদিনীয়া ৱেবিনাৰৰ আয়োজন ৷ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰণনীতি বিষয়ত এখন সন্মানীয় আসন স্থাপনৰ বাবে অনুমোদন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৷

ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

author img

By

Published : Nov 5, 2020, 12:56 PM IST

নতুন দিল্লী, 5 নৱেম্বৰ: হীৰক জয়ন্তী বৰ্ষত ভৰি দিলে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ে ৷ হীৰক জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনে 5 আৰু 6 তাৰিখে দুদিনীয়াকৈ এখন ৱেবিনাৰৰ আয়োজন কৰিছে ৷ ‘India’s National Security- a Decade Ahead’ (ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা-এক দশক আগলৈ) শীৰ্ষক থিমেৰে এই ৱেবিনাৰ খনৰ আয়োজন কৰা হৈছে ৷ প্ৰতিৰক্ষা সম্পাদক ড৹ অজয় কুমাৰ আৰু প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ কামাণ্ডেণ্ট গৰাকীয়ে সংবাদ মেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰণনীতি বিষয়ত এখন সন্মানীয় আসন স্থাপনৰ বাবে অনুমোদন জনাইছে ৷ এই আসন 2021 ৰ পৰা কাৰ্যক্ষম হ'ব ৷ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ ওপৰত লিখা NDC – Abode of Strategic Excellence শীৰ্ষক এখন ই-বুক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উন্মোচন কৰিব ৷ মহাবিদ্যালয়ৰ কামাণ্ডেণ্ট এয়াৰ মাৰ্শ্বাল ডি চৌধুৰীয়ে কয় যে ক'ভিড-19 অতিমাৰীৰ মাজতো মহাবিদ্যালয়খনে অনলাইন যোগে পাঠ্যক্ৰম অব্যাহত ৰাখিছে আৰু কোনো ধৰণৰ বিলম্ব নোহোৱাকৈয়ে সম্পূৰ্ণ পাঠ্যক্ৰম সম্পূৰ্ণ হৈছে ৷

লগতে পঢ়ক:ETV ETV ETV পিনাকা ক্ষেপণাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.