ETV Bharat / bharat

নাৰদা কেলেংকাৰী : কেবিনেট মন্ত্ৰীসহ টিএমচিৰ নেতাক গ্ৰেপ্তাৰ চিবিআইৰ - নাৰদা কেলেংকাৰী

মমতা বেনাৰ্জী মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী সহ তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ চমন জাৰি ৷ নাৰদা কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিমক গ্ৰেপ্তাৰ কৰে ৷

minister Subrata Mukherjee summoned
কেবিনেট মন্ত্ৰী সহ তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ চমন জাৰি
author img

By

Published : May 17, 2021, 10:56 AM IST

Updated : May 17, 2021, 2:35 PM IST

নেচনেল ডেস্ক, 17 মে': নাৰদা কেলেংকাৰী সন্দৰ্ভত তদন্তকাৰী সংস্থা চিবিআই (চেন্ট্ৰেল ব্যুৰ' অৱ ইনভেষ্টিগেশ্যন) এ মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিমক গ্ৰেপ্তাৰ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে কেবিনেট মিনিষ্টাৰ সহ তৃণমূল কংগ্ৰেছৰ নেতা সকললৈ চিবিআই (চেন্ট্ৰেল ব্যুৰ' অৱ ইনভেষ্টিগেশ্যন) এ চমন জাৰি কৰিছিল ৷ সোমবাৰে চিবিআইয়ে পশ্চিমবংগৰ পৰিবহন আৰু গৃহ নিৰ্মাণ বিভাগৰ মন্ত্ৰী ফিৰহাদ হাকিমক নাৰদা ষ্টিং অপাৰেচন সন্দৰ্ভত চমন জাৰি কৰে ৷ মন্ত্ৰী গৰাকীয়ে অৱশ্যে তেওঁক চোৰাংচোৱাইহে গ্ৰেপ্তাৰ কৰিছে বুলি দাবী কৰিছে ৷

তদন্তকাৰী সংস্থাটোৱে মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিমৰ লগতে বিধায়ক মদন মিত্ৰ আৰু প্ৰাক্তন মেয়ৰ শোভন চেটাৰ্জীকো গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, 10 মে'ত মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে ৰাজভৱনত শপতগ্ৰহণ কৰা তৃণমূল কংগ্ৰেছৰ 43 গৰাকী নেতাৰ ভিতৰত হাকিম আৰু মুখাৰ্জীও আছিল ৷

মন্ত্ৰী গৰাকীয়ে শপত গ্ৰহণ কৰাৰ দিনটোতে ৰাজ্যপাল জগদীপ ধনকাৰে কেলেংকাৰীটোৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰাক্তন মন্ত্ৰী তথা টিএমচিৰ শীৰ্ষ নেতা ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী, মদন মিত্ৰ আৰু শোভন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অনুমোদন জনায় ৷

উল্লেখ্য য়ে, 2014 চনত সাংবাদিক মেথিউ চেমুৱেলে কলকাতাত এটা ষ্টিং অপাৰেচন চলোৱাৰ পাচতে নাৰদা কেলেংকাৰীয়ে ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছিল ৷ উক্ত ষ্টিং অপাৰেচনৰ ভিডিঅ'টোত টিএমচিৰ নেতাসকলক টকা লোৱা দেখা গৈছিল ৷ উক্ত ভিডিঅ'টোত এগৰাকী আৰক্ষী বিষয়াকো দেখিবলৈ পোৱা গৈছিল ৷ 2016 ৰ পশ্চিমবংগ নিৰ্বাচনৰ সময়ত উক্ত ভিডিঅ'টো ৰাজহুৱা কৰা হৈছিল ৷

চিবিআইৰ সূত্ৰ অনুসৰি, মুঠ চাৰিগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আইনৰ ধাৰা ৬ ৰ অধীনত অভিযোগ পত্ৰ দাখিল কৰিবলৈ ৰাজ্যপালৰ পৰা অনুমতি বিচৰা হৈছিল ৷

লগতে পঢ়ক: নাৰদা কেলেংকাৰীৰ ইতিবৃত্ত

Last Updated : May 17, 2021, 2:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.