ETV Bharat / bharat

নাৰদা গোচৰ: কি হ’ব মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ শুনানি ?

author img

By

Published : Jun 29, 2021, 10:41 PM IST

Updated : Jun 30, 2021, 10:16 AM IST

কলকাতা উচ্চ ন্যায়ালয়ে (Kolkata high Court) মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যৰ আইন মন্ত্ৰী মলয় ঘটকে নাৰদা কেলেংকাৰী (Narada Scam) গোচৰত তেওঁলোকৰ শপতনামা গ্ৰহণ কৰিবলৈ দাখিল কৰা আবেদনৰ ওপৰত দিয়া আদেশ ন্যায়ালয়ে ইতিমধ্যে সংৰক্ষিত (Reserves) কৰি ৰাখিছে ।

HC reserves orders on Mamata
মমতা আৰু ঘটকৰ শপতনামা গ্ৰহণৰ বাবে কৰা আবেদনৰ আদেশ সংৰক্ষিত

নেশ্যনেল ডেস্ক, ২৯ জুন : কলকাতা উচ্চ ন্যায়ালয়ে (Kolkata high Court) মঙলবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Benarjee) আৰু ৰাজ্যৰ আইন মন্ত্ৰী মলয় ঘটকে (Malay Ghatak) নাৰদা কেলেংকাৰী (Narada Scam) গোচৰত তেওঁলোকৰ শপতনামা গ্ৰহণ কৰিবলৈ দাখিল কৰা আবেদনৰ ওপৰত আদেশ সংৰক্ষিত ৰাখিছে । নাৰদা গোচৰৰ (Narada case) শুনানি গ্ৰহণ কৰি আছিল কলকাতা উচ্চ ন্যায়ালয় (Kolkata high Court) ৰ পাঁচজনীয়া এক বিচাৰপীঠে । মমতা বেনাৰ্জীয়ে সোমবাৰে শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নাৰদা গোচৰত (Narada case) কলকাতা উচ্চ ন্যায়ালয়ত এখন নতুন শপতনামা দাখিল কৰিছিল । ইয়াৰ পূৰ্বে, চিবিআইয়ে (CBI) নাৰদা কেলেংকাৰী গোচৰত তৃণমূল কংগ্ৰেছৰ (TMC) নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ দিনা তেওঁলোকৰ ভূমিকা সম্পৰ্কে শপতনামা লিপিবদ্ধ কৰিবলৈ তেওঁলোকৰ আবেদনৰ সৈতে কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল মমতা বেনাৰ্জী, মলয় ঘটক আৰু ৰাজ্য চৰকাৰক ।

৯ জুনত কলকাতা উচ্চ ন্যায়ালয়ে বেনাৰ্জীৰ উত্তৰ-শপতনামা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইফালে ৯ জুনত আদালতে চিবিআই (CBI)ৰ বিশেষ আদালতৰ পৰা উচ্চ ন্যায়ালয়লৈ নাৰদা ষ্টিং টেপ গোচৰ স্থানান্তৰৰ বাবে চিবিআইৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কৈছিল যে, গোচৰটোৰ সন্দৰ্ভত চাৰিজন নেতাক গ্ৰেপ্তাৰ কৰাৰ দিনা বেনাৰ্জী, ঘটক আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা তেওঁলোকৰ নিজ নিজ ভূমিকাৰ ওপৰত শপতনামা বিবেচনা কৰাৰ পিছত সিদ্ধান্ত ল'ব । চিবিআই (CBI)য়ে দাবী কৰিছিল যে, চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কলকাতাৰ চিবিআই কাৰ্যালয়ত ধৰ্ণাত বহিছিল ৷ তাৰোপৰি মন্ত্ৰী মলয় ঘটক ১৭ মে'ত তাত থকা বিশেষ চিবিআই আদালতৰ সন্মুখত গোচৰটোৰ ভাৰ্চুৱেল শুনানিৰ সময়ত উপস্থিত আছিল ।

উল্লেখ্য যে উচ্চ ন্যায়ালয়ৰ ২০১৭ চনৰ আদেশত নাৰদা ষ্টিং টেপ গোচৰৰ তদন্ত কৰি থকা চিবিআইয়ে মন্ত্ৰী সুব্ৰত মুখাৰ্জী আৰু ফিৰহাদ হাকিম, তৃণমূল কংগ্ৰেছৰ বিধায়ক মদন মিত্ৰ আৰু কলকাতাৰ প্ৰাক্তন মেয়ৰ সোৱণ চেটাৰ্জীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ।

১৭ মে'ত চিবিআইৰ বিশেষ আদালতে তেওঁলোকক জামিন প্ৰদান কৰিছিল । অৱশ্যে উচ্চ ন্যায়ালয়ে আদেশটো স্থগিত ৰাখিছিল আৰু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । জামিনত থকাৰ পূৰ্বৰ আদেশ সংশোধন কৰি তেওঁলোকক উচ্চ ন্যায়ালয়ে ২১ মে'ত গৃহবন্দী কৰি ৰাখিছিল । উল্লেখ্য যে নাৰদা নিউজ (Narada news) নামৰ এটা ৱেব পৰ্টেলৰ সাংবাদিক মেথিউ চেমুৱেলে ২০১৪ চনত নাৰদা ষ্টিং অপাৰেচন চলাইছিল, য'ত টিএমচি মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ দৰে একাংশ লোকে অনুদানৰ সলনি এটা ভুৱা কোম্পানীৰ প্ৰতিনিধিৰ পৰা ধন লাভ কৰা দেখা গৈছিল । গ্ৰেপ্তাৰ কৰা চাৰিজন ৰাজনীতিবিদ সেই সময়ত মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী আছিল ।

লগতে পঢ়ক:AIIMSৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল

Last Updated : Jun 30, 2021, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.