চিটাৰা ডেস্ক, 23 জুলাই : দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী জনজাতীয় মহিলা হিচাপে ঘোষণা হোৱাৰ এদিনৰ পিছতে সদ্যঘোষিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ মহিলা গায়িকাৰ বঁটা লাভ কৰি কেৰেলাৰ আন এগৰাকী জনজাতীয় গায়িকা নানচিয়াম্মাই এক বিৰল কৃতিত্ব অৰ্জন কৰিলে (First tribal woman to win national award for playback singing) ৷ ‘আয়্যাপ্পানুম কোছিয়ম’ ছবিখনৰ বাবে এই সন্মানৰ অধিকাৰী হ’ল নানচিয়াম্মা । তথ্য অনুসৰি, তেওঁ চিনেমাখনৰ বাবে ৰেণ্ডাৰ কৰা জনজাতীয় গীতটোত কণ্ঠদান কৰি প্লেবেক গায়িকাৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী জনজাতীয় মহিলা ।
ই টিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত নানচিয়াম্মাই কয়, "মই এই বঁটা শচী ছাৰক উৎসৰ্গা কৰিছো । মই পাহাৰত ছাগলী-গৰু চৰাই আছিলো । মোৰ বা আট্টাপ্পাদীৰ গানৰ বিষয়ে কোনো অৱগত নাছিল । শচী ছাৰে মোক বাহিৰলৈ উলিয়াই লৈ গ'ল যাতে মানুহে মোৰ আৰু আমাৰ সংগীতৰ বিষয়ে জানিব পাৰে" ৷
"এই ভূমি, এই জনসাধাৰণ সকলোৱে মোক আনন্দৰে গ্ৰহণ কৰিলে আৰু পৃথিৱীখন দেখাত সহায় কৰিলে । পৃথিৱীখন দেখুওৱাৰ পিছত শচী ছাৰ এই পৃথিৱীৰ পৰা আঁতৰি গ'ল । মই এই বঁটা আনন্দৰে গ্ৰহণ কৰিম শচী ছাৰৰ বাবে । মোৰ হাতত আৰু আন একো নাই", তেওঁ লগতে এইদৰে কয় ৷
লগতে পঢ়ক: 68th National Film Awards declared: অসমেও আঁজুৰিলে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান