নেশ্যনেল ডেস্ক,১২ এপ্ৰিল: দেশজুৰি কৰ'ণা সংক্ৰমণে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কিন্তু এই ভয়ংকৰ পৰিস্থিতিতো নিজৰ সেৱা আগবঢ়াই অহা ক'ভিড যোদ্ধা চিকিৎসকসকল এইবাৰ নামিল প্ৰতিবাদত । দেওবাৰে নাগপুৰ চিকিৎস়া মহাবিদ্যালয়ৰ চিকিৎসক সকলে স্বাস্থ্য বীমাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে । নিশা প্ৰায় ৯ বজাত নাগপুৰ চিকিৎস়া মহাবিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
প্ৰতিবাদকাৰী চিকিৎসক সকলে কয় যে, অতিমাৰী কালচোৱাতো দায়িত্ব অতি নিষ্ঠা সহকাৰে পালন কৰি আহিছে । দুখন চৰকাৰী চিকিৎসালয়ৰ বাহিৰে জিলা প্ৰশাসনে আন কোনো স্বাস্থ্য বীমা প্ৰদান কৰা নাই । যাৰ ফলত, নাগপুৰ চিকিৎস়া মহাবিদ্যালয়ৰ চিকিৎসক সকলৰ কৰ্মব্যস্ততা বৃদ্ধি পাইছে । কৰ'ণা ৰোগীৰ লগতে আন ৰোগীসকলকো চিকিৎসা সেৱা প্ৰদান কৰাত যথেষ্ঠ সমস্যাৰ সৃষ্টি হৈছে । যাৰ বাবে তেওঁলোকে এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছে বুলি এগৰাকী চিকিৎস়কে কয় ।
লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ দুই সহায়কক চিবিআইৰ জেৰা