ETV Bharat / bharat

Nagaland Meghalaya Assembly polls: আজি নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ নিৰ্বাচন, পুৱা 7 বজাৰ পৰা হ’ব ভোটগ্ৰহণ - chief minister and president of NPP

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত আজি নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া (Nagaland Meghalaya Assembly polls) । ৰাজ্য দুখনৰ প্ৰায় ৩৬ লাখ ভোটাৰে ৫৯ খন আসনৰ বিপৰীতে প্ৰতিনিধি নিৰ্বাচনৰ বাবে কৰিব ভোটদান ।

Nagaland Meghalaya Assembly polls
আজি নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ নিৰ্বাচন
author img

By

Published : Feb 27, 2023, 7:05 AM IST

Updated : Feb 27, 2023, 7:20 AM IST

নিউজ ডেস্ক , 27 ফেব্ৰুৱাৰী: উত্তৰ-পূব ভাৰতৰ খ্ৰীষ্টিয়ান সংখ্যাগৰিষ্ঠ দুখন ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ত আজি একক পৰ্যায় (Single-phase Assembly Election)ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব (Christian-majority states of northeast India) । মেঘালয়ৰ প্ৰায় ২১.৬১ লাখ আৰু নাগালেণ্ডৰ ১৩.৯ লাখ ভোটাৰে মুঠ ৫৫২ গৰাকী (মেঘালয়ত ৩৬৯ গৰাকী আৰু নাগালেণ্ডত ১৮৩ গৰাকী প্ৰাৰ্থী) প্ৰাৰ্থীৰ মাজৰ পৰা কৰিব প্ৰতিনিধি বাছনি ।

অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ড - এই দুয়োখন ৰাজ্যৰ বিধানসভাত ৬০ খনকৈ বিধায়কৰ আসন আছে যদিও দুয়োখন ৰাজ্যতে একোটাকৈ সমষ্টি বাদ দি ৫৯ টা বিধানসভা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হ’ব । নাগালেণ্ডত বিজেপিৰ এগৰাকী প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ (Opponent withdraws nomination) কৰাৰ পিছত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰা হৈছে ৷ আনহাতে মেঘালয়ত শেহতীয়াকৈ ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ এগৰাকী প্ৰাৰ্থীৰ মৃত্যু হোৱাৰ বাবে ছোহয়ং বিধানসভা সমষ্টিটো (Sohiong Assembly constituency)ৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে ।

উত্তৰ-পূবৰ দুয়োখন ৰাজ্যতে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈ বিয়লি ৪ বজাত ভোটগ্ৰহণ সমাপ্ত হ’ব । দুয়োখন ৰাজ্যৰে বিধানসভাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে (Security arrangements increased for election)। ইতিমধ্যে মেঘালয়ৰ ৩৪১৯ টা আৰু নাগালেণ্ডৰ ২৩১৫ টা ভোটকেন্দ্ৰৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । এই দুয়োখন ৰাজ্যৰে নিৰ্বাচনী প্ৰচাৰ ২৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত অন্ত পৰিছিল ।

শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনত ৮০ শতাংশতকৈ অধিক ভোটদান হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পুৱ ভাৰতৰ এই দুয়োখন ৰাজ্যতো ভোটদানৰ হাৰ অধিক হোৱাৰ আশা কৰা হৈছে । বিগত ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনতো ৯০ শতাংশ ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান ।

অলপতে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেশ্যনেল পিপলছ পাৰ্টিৰ সভাপতি কনৰাড কে চাংমাই ৰাজ্যখনৰ ভৱিষ্যতৰ কথা বিবেচনা কৰি সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাইছিল (Meghalaya chief minister and president of NPP Conrad K Sangma) । ৰাজ্যখনত সৰ্বমুঠ ১১ টা দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । শাসকীয় নেচনেল পিপলছ পাৰ্টিয়ে ৫৭ খন আসনত, ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিয়ে ৪৬ খন আসনত আৰু ৰাজ্যখনত নতুনকৈ আত্মপ্ৰকাশ কৰা তৃণমূল কংগ্ৰেছে ৫৬ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপি আৰু কংগ্ৰেছ দলে আটাইকেইখন আসনৰ বিপৰীতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ।

ইফালে নাগালেণ্ডত বৰ্তমানৰ বিজেপি-এনডিপিপিৰ মিত্ৰজোঁটে ৰাজ্যখনৰ আটাইকেইখন আসনতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । বিজেপিয়ে ২০ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে এনডিপিপিয়ে ৪০ খন আসনত নিজৰ প্ৰাৰ্থী প্ৰদান কৰিছে । উল্লেখ্য যে, মেঘালয় আৰু নাগালেণ্ডৰ লগতে অলপতে হৈ যোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা অহা ২ মাৰ্চত সম্পন্ন হ’ব । যোৱা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত সৰ্বমুঠ ২৮.১৪ লাখ ভোটাৰৰ ২৪.৬৬ লাখ ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক: Nagaland Meghalaya assembly election: নাগালেণ্ড আৰু মেঘালয়ত সোমবাৰে ভোট গ্ৰহণ; নিৰ্বাচনী পটভূমিত এভুমুকি

Last Updated : Feb 27, 2023, 7:20 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.