ETV Bharat / bharat

Uniform Civil Code: ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা নাগালেণ্ড চৰকাৰৰ, প্ৰস্তাৱ দাখিল - Nationalist Democratic Progressive Party

ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰু বন সংৰক্ষণ (সংশোধনী) আইনৰ বিৰোধিতা জনায় নাগালেণ্ড বিধানসভাত এটা গ্ৰহণ কৰা হয় প্ৰস্তাৱ । নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এন ডি পি পি), বিজেপি, এন চি পি, এন পি পি, এল জে পি (ৰাম বিলাস), নগা পিপলছ ফ্ৰণ্ট (এন পি এফ), আৰ পি আই (আথাৱালে), জে ডি (ইউ) আৰু নিৰ্দলীয়কে ধৰি সকলো দলে এই বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৰাজ্যখনৰ বৰ্ষাকালীন অধিবেশনত ।

Uniform Civil Code
ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা নাগালেণ্ড চৰকাৰৰ
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:29 AM IST

নেশ্যনেল ডেস্ক, 12 ছেপ্টেম্বৰ: সোমবাৰে নাগালেণ্ড বিধানসভাই প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰু বন সংৰক্ষণ (সংশোধনী) আইন কাৰ্যকৰী কৰাৰ বিৰোধিতা জনায় ৷ লগতে, 16 দফীয়া চুক্তি আৰু 371 A অনুচ্ছেদৰ অধীনত সুৰক্ষা বিচাৰিছে । সদনৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোত নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি), বিজেপি, এনচিপি, এনপিপি, এলজেপি (ৰাম বিলাস), নগা পিপলছ ফ্ৰণ্ট (এনপিএফ), আৰপিআই (আঠাৱালে), জেডি(ইউ) আৰু নিৰ্দলীয়কে ধৰি সকলো দলে এই বিষয়বোৰ সন্দৰ্ভত আলোচনা কৰে ।

এন পি এফৰ বিধায়ক কুঝোলুজো নিয়েনুৱে কয় যে 371 A অনুচ্ছেদৰ অধীনত নগাসকলৰ বিশেষ সুৰক্ষা আছে আৰু সেয়েহে ইউ চি চি আৰু বন সংৰক্ষণ সংশোধনী আইন সন্দৰ্ভত আলোচনা কৰাৰ প্ৰয়োজন আছে । "371 A অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে নগাসকলৰ ধৰ্মীয় বা সামাজিক আচাৰ-ব্যৱহাৰ, ইয়াৰ প্ৰথাগত আইন আৰু পদ্ধতি, নগা প্ৰথাগত আইন আৰু মালিকীস্বত্ব অনুসৰি সিদ্ধান্ত লোৱাৰ সৈতে জড়িত দেৱানী আৰু অপৰাধমূলক ন্যায় প্ৰশাসনৰ ক্ষেত্ৰত নাগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সংসদৰ কোনো আইন প্ৰযোজ্য নহ'ব আৰু ৰাজ্যিক বিধানসভাই সিদ্ধান্ত নোলোৱালৈকে ভূমি আৰু ইয়াৰ সম্পদ হস্তান্তৰ কৰা হয় ।" লগতে নিয়েনুৱে ইউচিচি আৰু বন আইন নাকচ কৰি প্ৰস্তাৱ গৃহীত কৰাৰ বাবে সদনত প্ৰস্তাৱ আগবঢ়ায় ।

নাগালেণ্ড বিজেপিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী টেমজেন ইমনা আলঙে দুয়োটা বিষয়তে বিধানসভাই গ্ৰহণ কৰা প্ৰস্তাৱৰ ক্ষেত্ৰত ঐক্যৱদ্ধ হৈ থাকিব বুলি আশ্বাস প্ৰদান কৰে । এনচিপিৰ বিধায়িনী দলৰ উপ-নেতা পি লংগন আৰু এনপিপিৰ বিধায়িনী দলৰ নেতা নুক্লুটোছি লংকুমাৰেও কয় যে এই আইন দুখন নাগালেণ্ডত প্ৰযোজ্য হ’ব নোৱাৰে ।

আলোচনাৰ অন্তত সামৰণি ভাষণ দি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই কয় যে 16 দফীয়া ৰাজনৈতিক চুক্তি স্বাক্ষৰ কৰাৰ লগতে ভাৰতৰ সংবিধানত 371 A অনুচ্ছেদ সন্নিৱিষ্ট কৰি ভাৰতীয় সংঘত যোগদান কৰা একমাত্ৰ ৰাজ্য নাগালেণ্ড । কেন্দ্ৰই নিজৰ চুক্তিক অসন্মান নকৰে আৰু নগাক দিয়া সাংবিধানিক বিধানকো উপেক্ষা নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ।

ৰিঅ’ই সদনক জনায় যে, ৰাজ্যখনৰ মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যখনক ইউচিচিৰ পৰা ৰেহাই দিবলৈ 22 নং আইন আয়োগক প্ৰতিবেদন দাখিল কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কেবিনেটে বৈঠকত মিলিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব দিব বুলি আশ্বাস দিয়ে । ৰিঅ’ই অৱশ্যে কয় যে, ৰাজ্য চৰকাৰখন কেন্দ্ৰৰ শাসকীয় NDA ৰ মিত্ৰ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা নীতি আৰু সিদ্ধান্তৰ বিৰুদ্ধে যাব নোৱাৰে ।

মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে, সদনে কেন্দ্ৰক আবেদন কৰি প্ৰস্তাৱ গৃহীত কৰিব পাৰে যাতে নাগালেণ্ডক ইউচিচি আৰু বন সংৰক্ষণ সংশোধনী আইনৰ পৰিসৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হয় । ইয়াৰ পাছতে অধ্যক্ষ শ্বাৰিংগেইন লংকুমাৰে জনাইছে যে মঙলবাৰে দুয়োটা বিষয় সন্দৰ্ভত পৃথক পৃথক প্ৰস্তাৱ বিবেচনাৰ বাবে অনা হ’ব ।

লগতে পঢ়ক: FIR against Journalist: 'সেনাই এডিটৰ্ছ গিল্ডক মণিপুৰলৈ আহিবলৈ কিয় ক'ব?' উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.