ETV Bharat / bharat

Myanmar nationals in Manipur: মণিপুৰৰ চিকিৎসালয়ত ম্যানমাৰৰ নাগৰিক, আৰক্ষীৰ অনুসন্ধান - আৰক্ষীৰ অনুসন্ধান

ম্যানমাৰৰ 8 জন লোক চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ম্যানমাৰৰ এই লোকসকল কেনেকৈ মণিপুৰত প্ৰৱেশ কৰিছিল সেই বিষয়ে জানিবলৈ আৰক্ষীৰ অনুসন্ধান আৰম্ভ ৷

Myanmar nationals in Churachandpur hospital
চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন ম্যানমাৰৰ নাগৰিক
author img

By

Published : Jul 11, 2023, 9:27 PM IST

তেজপুৰ, 11 জুলাই: হিংসা জৰ্জৰ মণিপুৰত দৈনিক ন ন তথ্য পোহৰলৈ আহিছে ৷ গোষ্ঠীগত সংঘৰ্ষত আন্তঃৰাষ্ট্ৰীয় সীমান্ত ম্যানমাৰৰ পৰা অহা লোকে অধিক বিপর্যয়ৰ সৃষ্টি কৰিছে ৰাজ্যখনত ৷

3 মে'ৰ ঘটনাৰ পাছত মণিপুৰৰ হিংসাই আজি 69 দিনত ভৰি দিলে ৷ ইতিমধ্যে মণিপুৰৰ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এক বিশেষ গোহাৰি আৰক্ষী বিষয়া সকলৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মণিপুৰৰ এই হিংসাত ম্যানমাৰৰ 8 জন লোকে চুৰাচান্দপুৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ চুৰাচান্দপুৰ আৰক্ষী অধীক্ষকে Letter No. C-5/27/SP-CDL/2023/ Dated 28 June 2023ত এক বিশেষ জাননী জাৰি কৰি চান্দেল জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে ৷ ম্যানমাৰৰ এই লোকসকল কেনেকৈ মণিপুৰত প্ৰৱেশ কৰিছিল সেই বিষয়ে জানিবলৈ জাননী জাৰি কৰা হৈছে ৷

Myanmar nationals in Churachandpur hospital
মণিপুৰৰ চিকিৎসালয়ত ম্যানমাৰৰ নাগৰিক

16 আৰু 19 জুনত এই আঠজন লোকৰ বেছি সংখ্যকেই বোমা বিস্ফোৰণ আৰু গুলিয়াগুলীত গুৰুতৰ ভাবে আহত হোৱা ব্যক্তি ৷ এই লোকসকলে বৰ্তমান চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইয়াৰোপৰি দুজন ব্যক্তি আছে যি দুজনে যোৱা দুমাহ ধৰি তেওঁলোকৰ চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে ৷ ম্যানমাৰৰ তামু জিলাৰ এই লোকসকলৰ তদন্তৰ বাবে 28 জুনত আৰক্ষীয়ে জাৰি কৰা এই জাননী আজি সংবাদ মাধ্যমত উপলব্ধ হয় ৷

ইতিমধ্যে মণিপুৰৰ কংগ্ৰেছ দলৰ সভাপতি কে মেঘাচন্দ্ৰই ইটিভি ভাৰতক জনাইছিল যে মণিপুৰৰ হিংসা ম্যানমাৰৰ কুকি- চিন উগ্ৰপন্থীৰ সহযোগিতাত সংঘটিত হৈছিল ৷ উল্লেখ্য যে, ম্যানমাৰৰ তামু জিলা ভাৰতৰ উত্তৰ-পূৱ দিশত অৱস্থিত অৰ্থাৎ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে উগ্ৰপন্থী সংগঠনৰ লোকে সঘনাই বিনা দ্বিধাই প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ কিন্তু এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম নহ’ল মণিপুৰ চৰকাৰ কিম্বা কেন্দ্ৰীয় চৰকাৰ ৷

আনহাতে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে সোমবাৰে এক সাহাৰ্য শিবিৰত কয় যে, শেহতীয়াকৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংঘাতগ্ৰস্ত ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ নেতাসকলক মাতি আনি ৰাজ্যখনত স্থায়ী সমাধান বিচাৰিবলৈ আৰু ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে আলোচনাৰ বাবে অনুৰোধ জনাইছে ৷ সোমবাৰে কুকি প্ৰধান কাংপকপি আৰু মেইটেই আধিপত্য থকা ইম্ফল পূব জিলাৰ সাহাৰ্য শিবিৰ ভ্ৰমণৰ সময়ত উইকেয়ে এই মন্তব্য কৰে ৷

লগতে পঢ়ক : Indegenious Tribal Leaders Forum : মণিপুৰক কুকিলেণ্ড ঘোষণা ইণ্ডিজেনিয়াছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.