ETV Bharat / bharat

Manipur CM Biren Singh : শান্তি প্ৰতিষ্ঠাই মোৰ কাম; পদত্যাগৰ প্ৰশ্ন এৰাই বীৰেন সিঙৰ মন্তব্য

author img

By

Published : Jul 21, 2023, 8:47 PM IST

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ পদত্যাগৰ দাবী সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে । উল্লেখ্য যে হিংসাপীড়িত মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰাৰ দুমাহৰ পূৰ্বৰ এটা ভিডিঅ' ক্লিপ বুধবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

Manipur Naked Parade Row
Manipur CM Biren Singh
Manipur CM Biren Singh

নিউজ ডেস্ক, ২১ জুলাই : মণিপুৰৰ ভয়াৱহতাই সমগ্ৰ দেশ জোকাৰি গৈছে । দেশজুৰি প্ৰতিবাদৰ সূচনা হৈছে । বিভিন্ন দলৰ বিৰোধী নেতাসকলে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগ আৰু মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰিছে । কিন্তু তাৰ মাজতো যেন বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গ তথা মণিপুৰৰ মুখ্যমন্ত্ৰী এই বিষয়ত নিৰুদ্বেগ । আনহাতে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে তেওঁৰ পদত্যাগৰ দাবী সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে ।

উল্লেখ্য যে হিংসাপীড়িত মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰাৰ দুমাহৰ পূৰ্বৰ এটা ভিডিঅ' ক্লিপ বুধবাৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । যাৰ ফলত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে ব্যাপক ক্ষোভৰ সৃষ্টি হয় । ভাইৰেল হোৱা ভিডিঅ'টোত মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটাৰ দ্বিতীয় দিনটোতে, ৪ মে'ত দুগৰাকী মহিলাক অমানৱীয় আচৰণ কৰা দেখুওৱা হৈছে ।

উল্লেখ্য যে সভ্য সমাজক লজ্জানত কৰা মণিপুৰৰ এই জঘন্য ঘটনাত ইতিমধ্যে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । তাৰে ভিতৰত এজন হৈছে মুখ্য অভিযুক্ত হুইৰেম হেৰোদাস মেইটেই । ইতিমধ্যে চিনাক্ত হোৱা চাৰি মূল অভিযুক্তৰ ভিতৰত অন্যতম হৈছে হুইৰেম হেৰোদাস মেইটেই । এই ঘৃণনীয় ঘটনাৰ ভিডিঅ' বুধবাৰে ভাইৰেল হোৱাৰ পিছতে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, গ্ৰেপ্তাৰ হোৱাৰ কেইঘণ্টামান পিছতে হুইৰেম হেৰোদাস মেইটেইৰ ঘৰত বৃহস্পতিবাৰে এদল মহিলাই অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে মণিপুৰৰ থৌবাল জিলাত ৪ মে'ত সংঘটিত হৈছিল কুকি-জোমি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি যৌন নিৰ্যাতনৰ ঘটনা । এই ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৩২ বছৰীয়া হেৰোদাছ হৈছে মুখ্য অভিযুক্ত । অৱশ্যে বাকী তিনিজনৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই ।

আনহাতে, মণিপুৰত মানৱ সভ্যতাক লজ্জানত কৰা ৪ পাষণ্ডক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । দুগৰাকী মহিলাক উলংগ কৰি ৰাস্তাত ঘূৰাই ফুৰোৱা ঘটনাৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা চাৰিওজন অভিযুক্তক শুকুৰবাৰে ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :Manipur Horror : নাৰী নিৰ্যাতনৰ ৪ অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.