ETV Bharat / bharat

হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি মই কৰা মন্তব্য ভাবুকিসূচক নাছিলঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Apr 3, 2021, 3:10 PM IST

বড়োলেণ্ড পিপ'লছ ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছে ভাৰতীয় নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ পৰা উত্তৰ বিচাৰিছিল আয়োগে । এই উত্তৰ হিচাপে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি তেওঁ কৰা মন্তব্য ভাবুকি নাছিল আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অপব্যৱহাৰ কৰিবলৈ তেওঁ এই মন্তব্য কৰা নাছিল ।

হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি মই কৰা মন্তব্য ভাবুকিসূচক নাছিলঃ হিমন্ত বিশ্ব শৰ্মা
হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি মই কৰা মন্তব্য ভাবুকিসূচক নাছিলঃ হিমন্ত বিশ্ব শৰ্মা

নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: অসমত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ মাজতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি কৰা মন্তব্যৰ বাবে নিৰ্বাচনী আয়োগে ৪৮ ঘণ্টাৰ বাবে মন্ত্ৰীগৰাকীক প্ৰচাৰ চলোৱাত বাধা আৰোপ কৰিছে । মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বি পি এফ প্ৰধানগৰাকীক ভাবুকি দিয়া আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অপব্যৱহাৰ কৰা চেষ্টা কৰাৰ অভিযোগ তুলি যোৱা ৩০ মাৰ্চত কংগ্ৰেছে নিৰ্বাচনী আয়োগক এক অভিযোগ দাখিল কৰিছিল ।

কংগ্ৰেছ অভিযোগ তুলিছিল যে, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক কাৰাগাৰলৈ পঠিয়াব বুলি মুকলিভাৱে ভাবুকি দিছে । ইয়াৰ পিছতে নিৰ্বাচনী আয়োগে মন্ত্ৰী ড০ শৰ্মাক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়ে । শুক্ৰবাৰে নিৰ্বাচনী আয়োগে মন্ত্ৰীগৰাকীক ৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী আয়োগক দিয়া উত্তৰত তেওঁ উল্লেখ কৰে যে, তেওঁৰ মন্তব্যৰ অৰ্থ হৈছে যে, আন্তৰ্জাতিক আৰু আন্তঃৰাজ্যিক সীমান্তৰ ওচৰত সংঘটিত অপৰাধজনিত ঘটনাৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক হস্তান্তৰ কৰিব পাৰি ।

এই গোচৰটোৰ বিষয়ে ক'বলৈ গৈ তেওঁ মহিলাৰীৰ নাম উল্লেখ কৰা সন্দৰ্ভত তেওঁ যুক্তি দৰ্শাই যে, বৰ্তমান চলি থকা এক তদন্তত প্ৰমাণিত হৈছে যে, গোচৰটোৰ সৈতে মহিলাৰীৰ সম্পৰ্ক আছে । নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰতিলিপি শনিবাৰে টুইটযোগে শ্বেয়াৰ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে, আন্তৰ্জাতিক আৰু আন্তঃৰাজ্যিক সীমান্তৰ ওচৰত সংঘটিত হোৱা অপৰাধজনিত গোচৰৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক হস্তান্তৰ কৰা বিষয়টো কৰিবলৈ আহ্বান জনাই আই জি পিয়ে চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

পত্ৰখনত কোৱা হৈছিল যে, এই গোচৰটোৰ সৈতে জড়িত থকা সকলো তথ্য পোহৰলৈ আনিবলৈ অসমৰ বাহিৰতো গোচৰটোৰ তদন্তৰ প্ৰয়োজন হ'ব । লগতে বিষয়টো ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু অখণ্ডতাৰ সৈতে সম্পৰ্কিত আৰু সেয়েহে এয়া অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে । এই সকলো কথা মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী আয়োগলৈ লিখা পত্ৰত উল্লেখ কৰিছে ।

তেওঁ পত্ৰখনত লিখিছে যে, আৰক্ষী বিষয়াগৰাকীৰ পত্ৰৰ জৰিয়তে গোচৰটোৰ তদন্তৰ সময়ত আটক কৰা অভিযুক্তসকলৰ সৈতে হাগ্ৰামা মাহিলাৰী আৰু তেওঁৰ দলৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ ইংগিত দিয়া হৈছে । ভাৰতীয় নিৰ্বাচনী আয়োগে ৰাজ্যিক আৰক্ষী বিভাগৰ পৰা গোচৰটো সন্দৰ্ভত সকলো তথ্য বিচাৰিব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ তুলিছিল যে, এখন বাতৰি কাকতে তেওঁৰ মন্তব্য বিকৃত কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু তেওঁৰ মন্তব্যৰ জৰিয়তে এইটো বুজাবলৈ চেষ্টা কৰিছিল যে, "যদি হাগ্ৰামাই বাথাৰ সৈতে আইনবিৰোধী কাম কৰে আৰু বাথাক এনে কাম কৰিবলৈ প্ৰৰোচিত কৰে তেন্তে তেওঁ কাৰাগাৰলৈ যাব লাগিব" ।

পত্ৰখনত কোৱা হৈছে যে, যোৱা ২৯ মাৰ্চত বাতৰি কাকতৰ শিৰোনামত প্ৰকাশ কৰা হৈছিল যে, "বাথাৰ উগ্রবাদক উদগনি যোগোৱাৰ বাবে হাগ্ৰামাক কাৰাগাৰ লৈ প্ৰেৰণ কৰা হ'বঃ হিমন্ত বিশ্ব শৰ্মা" । এয়া সম্পূৰ্ণৰূপে বিকৃত কৰা হৈছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তুলিছে । উল্লেখ্য যে, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৪.৭৬ শতাংশ ভোটদান হৈছিল । অসমত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ২ মে'ত ভোটগণনা সম্পন্ন হ'ব ।

লগতে পঢ়ক:দিদিয়ে নন্দীগ্ৰামৰ আসন হেৰুওৱাতো নিশ্চিত: জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.