ETV Bharat / bharat

Khwaja Sayyad Chishti Murder: নাছিকত চুফী বাবাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ - নাছিকত চুফী বাবাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

আফগানিস্তানৰ বাসিন্দা চুফী বাবা খ্যাত মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় নেতা খাজা চৈয়দ চিষ্টিক মঙলবাৰে নাছিক জিলাৰ ইয়োলাত চাৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে (Muslim spiritual guru shot dead)৷

muslim-spiritual-guru-shot-dead-in-nashik

author img

By

Published : Jul 6, 2022, 1:05 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাই: মুম্বাইৰ নাছিকত হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ আফগানিস্তানৰ বাসিন্দা চুফী বাবা খ্যাত মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় নেতা খাজা চৈয়দ চিষ্টিক (Khwaja Sayyad Chishti Murder) মঙলবাৰে নাছিক জিলাৰ ইয়োলাত চাৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে (Muslim spiritual guru shot dead)৷

মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ইয়োলা চহৰত আফগানিস্তানৰ বাসিন্দা আছিল ৩৫ বছৰীয়া মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় নেতাজন ৷ সন্ধিয়া সময়ত ইয়োলা চহৰৰ এমআইডিচি অঞ্চলত দুৰ্বৃত্তৰ দলটোৱে গুলীয়াই হত্যা কৰে নেতাগৰাকীক ৷

আৰক্ষীয়ে জনায় যে হত্যাকাৰীৰৰ দলটোৱে বাবাক হত্যা কৰি তেওঁ ব্যৱহাৰ কৰা এছ ইউ ভি বাহনখন লৈ পলায়ন কৰে ৷ আৰক্ষীয়ে এই ঘটনাৰ লগত তেওঁৰ বাহনৰ চালকজন জড়িত থকাৰ সন্দেহ কৰিছে ৷

ইতিমধ্যে খাজাৰ হত্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷ এই হত্যাকাণ্ডাৰ হাৰত কোনো ধৰ্মীয় উদ্দেশ্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কাশ্মীৰত পিতৃ-মাতৃৰ আহ্বানত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.