ETV Bharat / bharat

Shashi Tharoor Hamas Controversy : হামাছ সন্ত্ৰাসবাদী মন্তব্য; মুছলিম সংগঠনৰ অনুষ্ঠানত বয়কট শশী থাৰুৰক

তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে ৭ অক্টোবৰৰ হামাছৰ আক্ৰমণক সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰা মন্তব্যৰ বাবে মুছলিম সংগঠন মহল এমপাৱাৰমেণ্ট মিছনে গৰিহণা দিছে । লগতে স্পষ্ট কৰি দিয়ে যে সংগঠনটোৱে থাৰুৰক ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পেলেষ্টাইন সংহতি বৈঠকৰ পৰা আঁতৰাই দিছে ।

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 1:14 PM IST

হামাছ সন্ত্ৰাসবাদী মন্তব্য; মুছলিম সংগঠনৰ অনুষ্ঠানত বয়কট শশী থাৰুৰক
http://10.10.50.80:6060//finalout3/odisha-nle/thumbnail/28-October-2023/19876604_24_19876604_1698460242865.png

নিউজ ডেস্ক, ২৮ অক্টোবৰ : মুছলিম জামাতৰ সংগঠন মহল এমপাৱাৰমেণ্ট মিছনে (Mahal Empowerment Mission, MEM) শুকুৰবাৰে ৩০ অক্টোবৰত তিৰুৱন্তপুৰমত অনুষ্ঠিত হ'বলগীয়া পেলেষ্টাইন সংহতি অনুষ্ঠানৰ পৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰক আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ।

এদিন পূৰ্বে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে আয়োজিত পেলেষ্টাইন সংহতি ৰেলীত থাৰুৰৰ শেহতীয়া মন্তব্যক লৈ হোৱা বিতৰ্কৰ পৰিপ্ৰেক্ষিতত মহানগৰ নিগমৰ ১০০ টা ৱাৰ্ডৰ জামাতৰ এমইএমে এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে থাৰুৰে কৈছিল যে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হোৱা হামাছৰ আক্ৰমণ এক সন্ত্ৰাসবাদী আক্ৰমণ । এমইএমৰ সভাপতি চাজাহান শ্ৰীকাৰিয়ামে কয়, "আমি থাৰুৰক জনাইছোঁ যে আমি তেওঁক কাৰ্যসূচীৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত লৈছোঁ ।"

আনহাতে, সামাজিক মাধ্যমত তীব্ৰ আক্ৰমণৰ সন্মুখীন হৈ থাৰুৰে এক স্পষ্টীকৰণ দিবলগা হয় । তাত কয় যে তেওঁ সদায় পেলেষ্টাইনৰ জনসাধাৰণৰ সৈতে আছে আৰু আইইউএমএল ৰেলীত দিয়া তেওঁৰ ভাষণৰ পৰা মাত্ৰ এটা বাক্যহে প্ৰচাৰ কৰা হৈছে । যিটোৰ সৈতে তেওঁ একমত নহয় ।

উল্লেখ্য যে কেৰালাত কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ (ইউডিএফ) এক গুৰুত্বপূৰ্ণ সহযোগী আইইউএমএলে বৃহস্পতিবাৰে উত্তৰ কোজিকোডত এক বিশাল সমদলৰ আয়োজন কৰে আৰু গাজাত মহিলা আৰু শিশুকে ধৰি সাধাৰণ লোকৰ নিৰ্বিচাৰ হত্যাকাণ্ডৰ গৰিহণা দিয়ে । আইইউএমএল নেতা পানাক্কাড চৈয়দ চাদিক আলী চিহাব থাংগলে উদ্বোধন কৰা পেলেষ্টাইন ছলিডাৰিটি হিউমেন ৰাইটছ ৰেলীত হাজাৰ হাজাৰ আইইউএমএল সমৰ্থকে অংশগ্ৰহণ কৰে ।

আনহাতে, মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা থাৰুৰে কয় যে নিৰীহ মহিলা আৰু শিশুসকল হতাহত হৈছে, আৰম্ভণিতে ইজৰাইলত আৰু পৰৱৰ্তী সময়ত গাজাত । লগতে এই সংঘৰ্ষৰ সমাপ্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । দ্ব্যর্থহীন ভাষাৰে থাৰুৰে ৭ অক্টোবৰত ইজৰাইলত হামাছে চলোৱা আক্ৰমণক 'সন্ত্ৰাসবাদী কাৰ্য' বুলি অভিহিত কৰি গৰিহণা দিয়ে ।

লগতে পঢ়ক :PM Modi slams UPA : কংগ্ৰেছক পুৰণি ফোনৰ সৈতে তুলনা প্ৰধানমন্ত্ৰী মোদীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.