ETV Bharat / bharat

ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ - শিল্পা চেট্টী

মুম্বাইৰ আন্ধেৰীস্থিত ৰাজ কুন্দ্ৰাৰ ভিয়ান আৰু জেএল ষ্ট্ৰীম কাৰ্যালয়ত (Viaan and JL Stream office) এটা আলমিৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । লুকাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আলমিৰাটো ।

Mumbai pornography case
ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ
author img

By

Published : Jul 25, 2021, 12:34 PM IST

চিটাৰা ডেস্ক, ২৫ জুলাই : প’ৰ্ণ ছবি নিৰ্মাণ আৰু সেইবোৰ কিছুমান এপৰ জৰিয়তে প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী তথা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra) । এইবাৰ আন এক বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে ৰাজ কুন্দ্ৰা (Raj Kundra) । এইবাৰ এনফ'ৰ্চমেন্ট ডিৰেক্টৰেটৰ (Enforcement Directorate) চকু পৰিছে ৰাজ কুন্দ্ৰাৰ ওপৰত । অতিশীঘ্ৰে ED ৰ গোচৰৰ সন্মুখীন হ'ব পাৰে ৰাজ কুন্দ্ৰা ।

শেহতীয়াকৈ পৰ্ণ'গ্ৰাফিক গোচৰ সন্দৰ্ভত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ৰাজ কুন্দ্ৰাৰ বিভিন্ন প্ৰতিষ্ঠানত অভিযান চলাইছে । এনে তালাচী অভিযানৰ মাজতে মুম্বাইৰ আন্ধেৰীস্থিত ৰাজ কুন্দ্ৰাৰ ‘ভিয়ান এণ্ড জে এল ষ্ট্ৰীম’ৰ কাৰ্যালয়ত (Viaan and JL Stream office) এটা আলমিৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে । লুকাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে আলমিৰাটো । ইয়াৰ লগে লগেই এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে ।

সূত্ৰ অনুসৰি, ৰাজ কুন্দ্ৰাই শীঘ্ৰেই তেওঁৰ বিৰুদ্ধে মানি লণ্ডাৰিং আৰু ফৰেইন এক্সচেঞ্জ মেনেজমেণ্ট এক্ট (FEMA) গোচৰৰ সন্মুখীন হ'ব কিয়নো ED য়ে তেওঁৰ বিৰুদ্ধে এই আইনসমূহৰ অধীনত গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে । মুঠতে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰৰ লগে লগে প্ৰতিদিনে ন ন তথ্য উদঘাটন কৰিছে মুম্বাই আৰক্ষীয়ে ।

উল্লেখ্য যে, পৰ্ণ'গ্ৰাফিক গোচৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে (Mumbai Police) এতিয়ালৈ ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ৰাজ কুন্দ্ৰাক এই গোচৰৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰৰ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে । মুম্বাইৰ আদালতে ২০ জুলাইত ব্যৱসায়ী কুন্দ্ৰাক ২৩ জুলাইলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু আন এখন জামিন আবেদন সন্দৰ্ভত তেওঁৰ জিম্মাৰ শুনানি ২৭ জুলাইলৈ বৃদ্ধি কৰা হৈছে । ইফালে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহতে অপৰাধ শাখাই মুম্বাইত পৰ্ণ'গ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ আৰু এপৰ ব্যৱহাৰ সন্দৰ্ভত গোচৰটো পঞ্জীয়ন কৰিছিল।

লগতে পঢ়ক :6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে শিল্পা অভিনেত্ৰী চেট্টীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.