ETV Bharat / bharat

NCBয়ে আটক কৰিলে মন্ত্ৰী নৱাব মালিকৰ পুত্ৰ সমীৰ খানক - ড্ৰাগছ কেলেংকাৰী

ড্ৰাগছ কেলেংকাৰীৰ লগত জড়িত থকাৰ অপৰাধত NCB ৰ এটা দলে আটক কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ পুত্ৰ সমীৰ খানক ৷ বৰ্তমান এনচিবিয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

NCBয়ে আটক কৰিলে মন্ত্ৰী নৱাব মালিকৰ পুত্ৰ সমীৰ খানক

author img

By

Published : Jan 14, 2021, 2:02 PM IST

নিউজ ডেস্ক,14 জানুৱাৰী : সুশান্ত সিংৰাজপুতৰ মৃত্যুৰ পাচতে ছবিজগতৰ বহু গোপনীয় তথ্য আহিছে পোহৰলৈ ৷ য'ত সাঙুৰ খাই পৰিছে বহু নামী-দামী তাৰকাৰ নাম ৷ এইবাৰ ড্ৰাগছৰ সৈতে সাঙোৰ খাইছে মন্ত্ৰীৰ পুত্ৰৰ নাম ৷ বুধবাৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ পুত্ৰ সমীৰ খানক ড্ৰাগছ কেলেংকাৰীৰ লগত জড়িত থকাৰ অপৰাধত এন চি বিয়ে আটক কৰে ৷ এন চি বিয়ে সমীৰ খানক আটক কৰাৰ পাচতে তীব্ৰ গতিত আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া ৷ NCBৰ এটা দলে বুধবাৰে নিশাৰ পৰা অভিযান চলায় আটক কৰে সমীৰ খানক ৷

ইফালে, পুত্ৰক আৰক্ষীয়ে আটক কৰাৰ পাচতেই নৱাব মালিকে টুইটাৰযোগে কয় যে, বৈষম্য লৈ আইন প্ৰণয়ন হ'ব নালাগে ৷ আইনখনৰ নিৰ্দিষ্ট কিছু সময়ৰ প্ৰয়োজন আৰু ন্যায় প্ৰচলিত হোৱাৰ প্ৰয়োজন ৷

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে বলীউডৰ অভিনেতা অৰ্জুন ৰামপালৰ ভগ্নী ক'মল ৰামপালকো মুম্বাইৰ এন চি বি কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে প্ৰদান কৰা হৈছিল নিৰ্দেশ ৷ ড্ৰাগছ কেলেংকাৰীত জড়িত থকাৰ অপৰাধত এন চি বিয়ে প্ৰদান কৰিছিল এই নিৰ্দেশ ৷

অন্য এক খবৰৰ বাবে: সুৰা ট্ৰেজেডী : মধ্যপ্ৰদেশত মৃত্যুৰ সংখ্যা 24 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.