ETV Bharat / bharat

মুম্বাই ড্ৰাগছ পাৰ্টী : আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ - ড্ৰাগছ পাৰ্টী

শুকুৰবাৰে মুম্বাইৰ এছপ্লেনেড আদালতে গ্ৰহণ কৰিছে ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আৰিয়ান খান(Aryan Khan)ৰ জামিন আবেদনৰ শুনানি । লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰো শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আদালতত । যোৱা ৩ অক্টোবৰত মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুজত ড্ৰাগছ পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাই নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ই আৰিয়ান খানসহ আঠজনক গ্ৰেপ্তাৰ কৰে ।

Mumbai drug party
আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ
author img

By

Published : Oct 8, 2021, 5:05 PM IST

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ : মুম্বাইৰ এছপ্লেনেড আদালতত চলিছে আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া । যোৱা ৩ অক্টোবৰত মুম্বাই উপকূলৰ সমীপত এখন ক্ৰুজত ড্ৰাগছ পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলায় নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ই । এই অভিযান কালতে আৰিয়ান খানসহ আঠজনক আটক কৰা হয় । সোধা-পোচাৰ অন্তত আটাইকে গ্ৰেপ্তাৰ কৰা হয় ।

শুকুৰবাৰে আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে এছপ্লেনেড আদালতে । জামিনৰ আবেদনক লৈ আৰিয়ানৰ অধিবক্তা মানেশিন্দে আৰু এন চি বিৰ অধিবক্তাৰ মাজত তৰ্ক অব্যাহত আছে । বিভিন্ন কাৰণ দৰ্শাই এন চি বিয়ে এই জামিন আবেদনৰ বিৰোধিতা কৰা দেখা গৈছে । আনহাতে, এন চি বিৰ দলে জে জে চিকিৎসালয়ত আৰিয়ান খানৰ স্বাস্থ্য পৰীক্ষাৰ কৰোৱাৰ পাচত আৰ্থাৰ ৰোডস্থিত কাৰাগাৰলৈ নিছে ।

ইয়াৰ পূৰ্বে, সোমবাৰে মুম্বাইৰ কিল্লা আদালতে 'ড্ৰাগছ অন ক্ৰুজ' গোচৰৰ সন্দৰ্ভত বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান আৰু আন দুজন অভিযুক্তৰ জিম্মাৰ সময়সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰিছিল । তিনিওজনৰে এন চি বিৰ জিম্মাৰ সময়সীমা ৪ অক্টোবৰত সমাপ্ত হৈছিল । মুম্বাইৰ পৰা গোৱা অভিমুখে যাত্ৰা কৰা এখন ক্ৰুজত ড্ৰাগছ পাৰ্টী চলাৰ গোপন খবৰ লাভ কৰাৰ পাচতে একেখন ক্ৰুজতে যাত্ৰা কৰিছিল নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ৰ বিষয়াই আৰু ক্ৰুজখনত অভিযান চলায় ।

জানিব পৰা মতে, পাৰ্টীৰ বিজ্ঞাপন ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল আৰু প্ৰতিজন ব্যক্তিৰ টিকটৰ মূল্য ৭৫,০০০ টকা নিৰ্ধাৰণ কৰা হৈছিল । আনহাতে, আটক কৰাৰ এদিনৰ পিছতে আৰিয়ান খান, আৰবাজ ছেথ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় আৰু পিছত তিনিওকে গ্ৰেপ্তাৰ কৰা হয় । এন চি বিৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, তিনিওগৰাকীয়ে ক্ৰুজত ড্ৰাগছ লৈ যোৱাৰ কথা স্বীকাৰ কৰিছে । এনচিবিৰ চোৰাংচোৱাই সাধাৰণ যাত্ৰী হিচাপে ক্ৰুজত নিজৰ টিকট বুক কৰিছিল আৰু একাংশ সহ-যাত্ৰীক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰিছিল ।

অভিযানৰ সময়ত বিভিন্ন এম ডি এম এ, এক্সটেচি, কোকেইন, মেফেড্ৰোন আৰু চৰাছৰ দৰে নিচাজাতীয় দ্ৰব্য জব্দ কৰে অভিযানকাৰী দলটোৱে । কৰ্ডেলিয়া ক্ৰুজে দিল্লীস্থিত এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীক ব্যক্তিগত অনুষ্ঠানৰ বাবে জাহাজখন ব্যৱহাৰৰ অনুমতি দিছিল । নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই জানিবলৈ দিয়া মতে, ক্ৰুজ কোম্পানীটোৱে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ক তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে ।

দেওবাৰে জাৰি কৰা এক বিবৃতিত ৱাটাৰৱেজ লেইজাৰ টুৰিজম প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া যুৰগেন বেইলোমে কয় যে, কৰ্ডেলিয়া ক্ৰুইজ প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই ঘটনাৰ সৈতে জড়িত নহয় । এতিয়ালৈকে, এন চি বিয়ে আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে নুপুৰ চাৰিকা, ইস্মিত সিং, মোহক জৈছৱাল, বিক্ৰান্ত ছোকাৰ আৰু গোমিত চোপ্ৰা ।

লগতে পঢ়ক : ভাৰতীয় বায়ু সেনা দিৱসত বায়ু সেনা জোৱানলৈ প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.