ETV Bharat / bharat

ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণ সম্ভৱঃ প্ৰশান্ত মালি

author img

By

Published : Mar 3, 2021, 4:23 PM IST

চাইবাৰ আক্ৰমণৰ বলি হ'ব পাৰে ভাৰতৰ শক্তি বিতৰণ প্ৰণালী । চীনত নিৰ্মিত হাৰ্ডৱেৰ ভাৰতৰ শক্তি বিতৰণ প্ৰণালীবোৰত স্থাপন কৰা আছে বাবে চাইবাৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে ভাৰতীয় চাইবাৰ বিশেষজ্ঞই ।

ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণ সম্ভৱঃ প্ৰশান্ত মালি
ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণ সম্ভৱঃ প্ৰশান্ত মালি

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ: ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি মতামত আগবঢ়াইছে ভাৰতীয় চাইবাৰ বিশেষজ্ঞই । চাইবাৰ আক্ৰমণৰ সম্ভাৱনাৰ কাৰণ সন্দৰ্ভত ভাৰতৰ চাইবাৰ বিশেষজ্ঞ তথা অধিবক্তা প্ৰশান্ত মালিয়ে কৈছে যে, চীনৰ পৰা আমদানিকৃত বিদ্যুতৰ সঁজুলি ভাৰতৰ শক্তি বিতৰণ কেন্দ্ৰসমূহত স্থাপন কৰা হৈছে ।

বিগত বৰ্ষৰ অক্টোবৰ মাহত মুম্বাই চহৰত শক্তি বিতৰণ কেন্দ্ৰত চীনা হেকাৰে কৰা আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰি প্ৰশান্ত মালিয়ে কয় যে, চীনৰ পৰা আমদানিকৃত বিদ্যুতৰ সঁজুলি কেন্দ্ৰসমূহত স্থাপন কৰা বাবে হেকাৰে আক্ৰমণ কৰাৰ সম্ভাৱনা থকা পৰিলক্ষিত হৈছে । তেওঁ কয় যে, চীনৰ পৰা ভাৰতলৈ অনা হাৰ্ডৱেৰত মেলৱেৰৰ দৰে ক্ষতিকাৰক ছফ্টৱেৰ স্থাপন কৰিব পাৰে যিটো চীনৰ পৰা পৰিচালনা কৰিব পাৰি ।

গতিকে এই বিষয়ে অধিক তথ্য জনাটো প্ৰয়োজন । এই সন্দৰ্ভত আন এগৰাকী চাইবাৰ বিশেষজ্ঞ তথা আন্তৰ্জাতিক বৈদেশিক পৰিক্ৰমা গৱেষক শৈলেন্দ্ৰ দেৱলংকাৰে কৈছে যে, ভাৰতৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিত ব্যৱহৃত কৰাৰ বাবে চীনৰ পৰা আমদানি কৰা সঁজুলিবোৰত চীনে মেলৱেৰৰ দৰে ছফ্টৱেৰ ব্যৱহাৰ কৰি আছে আৰু ৰাজনৈতিক লাভালাভৰ বাবে চীনে এনে কাৰ্য সংঘটিত কৰি আহিছে । মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখে সোমবাৰে মুম্বাই চহৰত শক্তি বিতৰণ কেন্দ্ৰত চাইবাৰ আক্ৰমণ হোৱাৰ সন্দেহ প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে, চাইবাৰ আক্ৰমণ এতিয়া কেৱল মুম্বাইত হৈছে, কিন্তু ই সমগ্ৰ দেশতে হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয় । এই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙৰ সৈতে আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে অনিল দেশমুখে । লগতে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:আজি মুক্তিৰ সম্ভাৱনা কুইপ’ৰ দুই অপহৃত বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.