ETV Bharat / bharat

মুকেশ আম্বানীৰ পৰিয়ালক হত্যাৰ ভাবুকি - Reliance Foundation Hospital in Girgaon

উদ্যোগপতি মুকেশ আম্বানীৰ (Mukesh Ambani)পৰিয়ালক হত্যাৰ ভাবুকি দিয়া এজন ব্য়ক্তিক আটক । সোমবাৰে মুম্বাইৰ এখন চিকিৎসালয়লৈ ফোন কৰি উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিয়াৰ পাছতেই মুম্বাই মহানগৰ আৰক্ষীয়ে দহিচাৰ অঞ্চলৰ এজন লোকক আটক কৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

Reliance Foundation Hospital in Girgaon
মুকেশ আম্বানীৰ পৰিয়ালক হত্যাৰ ভাবুকি
author img

By

Published : Aug 15, 2022, 10:19 PM IST

নেচনেল ডেস্ক, ১৫ আগষ্ট: ভাৰতৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিল এজন লোক(Mukesh Ambanis receive threat call again)। উল্লেখ্য় যে এজন অচিনাক্ত ব্যক্তিয়ে সোমবাৰে মুম্বাইৰ এখন চিকিৎসালয়লৈ ফোন কৰি উদ্যোগপতি মুকেশ আম্বানীৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে উক্ত ভাবুকিৰ বিষয়ে জানিব পাৰি অনুসন্ধান আৰম্ভ কৰে বুলি এজন আৰক্ষী বিষয়াই সদৰি কৰিছে ।

মুম্বাই মহানগৰ আৰক্ষীয়ে পিছত এই ঘটনা সন্দৰ্ভত এজন সন্দেহজনক লোকক আটক কৰে । আৰক্ষীয়ে উল্লেখ কৰা মতে, ধৃত লোকজনে পুৱা প্ৰায় ১০.৩০ বজাত গিৰগাঁও অঞ্চলৰ ৰিলায়েন্স ফাউণ্ডেচন চিকিৎসালয়ৰ(Reliance Foundation Hospital in Girgaon) ৰাজহুৱা নম্বৰত তিনিৰ পৰা চাৰিটা কল কৰি এইদৰে ভাবুকি দিছিল । এই কলবোৰৰ বিষয়ে তথ্য পোৱাৰ পিছতেই মুম্বাই আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰে । প্ৰাথমিক অনুসন্ধানত ফোন কৰা লোকজন মানসিকভাৱে ভাৰসাম্য়হীন বুলি তথ্য় লাভ কৰে । পিছত আৰক্ষীয়ে এই ফোন সন্দৰ্ভত দহিচাৰ অঞ্চলৰ এজন সন্দেহজনক লোকক আটক কৰে । ইতিমধ্য়ে বিষয়টো সন্দৰ্ভত ডি বি মাৰ্গ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে, তেওঁ লগতে কয় ।

উল্লেখ্য় যে যোৱা বছৰ ফেব্ৰুৱাৰীত মুম্বাইত আম্বানীৰ বাসগৃহ এণ্টিলিয়াৰ (Ambanis residence Antilia)ওচৰত বিস্ফোৰক ভৰ্তি এখন স্পৰ্টছ ইউটিলিটি বাহন(SUV) উদ্ধাৰ হৈছিল । পিছত এই সন্দৰ্ভত আৰক্ষী বিষয়াসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে, জুলাইত উচ্চতম ন্যায়ালয়ে মুম্বাইত মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তা অব্যাহত ৰাখিব পাৰে বুলি ৰায় দিছিল । আদালতে এই নিৰাপত্তা প্ৰদানক প্ৰত্যাহ্বান জনোৱা এখন আৱেদন খাৰিজ কৰিছিল ।

লগতে পঢ়ক:জাতীয় পতাকাৰ ৰঙেৰে উদ্ভাসিত হ’ল মুকেশ আম্বানীৰ বাসগৃহ এন্টিলিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.